![]()
নিউজ ডেস্কঃ
পর্দা টানি দুভাগ কৰি দিয়া হৈছে শ্ৰেণীকোঠা। পৰ্দাৰ এফালে বহিছে ছাত্ৰীসকল, আৰু আনফালে ছাত্ৰসকল। কাবুলৰ এখন বিশ্ববিদ্যালয়ৰ উক্ত শ্ৰেণীকোঠাৰ ছবি সম্প্রতি বিয়পি পৰিছে ছচিয়েল মিডিয়াত। আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যম টোলো নিউজৰ সাংবাদিক তামিম হামিদে উক্ত ছবি টুইটাৰত পোষ্ট কৰিছে।
উল্লেখ্য, ১৫ আগষ্টত কাবুল দখলৰ পিছতেই তালিবান নেতৃত্বই স্পষ্ট কৰি দিছিল যে স্কুল, কলেজত ল’ৰা-ছোৱালীয়ে একেলগে পঢ়া-শুনা কৰিব নোৱাৰিব। অৱশ্যে ছোৱালীসকলৰ স্কুল-কলেজলৈ যোৱাৰ ক্ষেত্রত কোনো বাধাও নাথাকিব। আফগানিস্তানত এতিয়াও তালিবান চৰকাৰ গঠন নহ’লেও বর্তমান দেশখনৰ ভাৰপ্রাপ্ত শিক্ষামন্ত্রীয়ে কিছু দিন আগতে কাবুলৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু শিক্ষাৰ্থীসকলৰ সৈতে হোৱা বৈঠকত জনাইছিল, শ্বৰিয়তী আইন মানি পঢ়া-শুনা হ’ব বিশ্ববিদ্যালয়বোৰত।
সদ্য ভাইৰেল হোৱা ছবিৰ পৰাই বুজা গৈছে, যুৱক-যুৱতীসকলে যাতে ওচৰত বহি পঢ়া-শুনা কৰিব নোৱাৰে, সেয়া নিশ্চিত কৰিবলৈয়েই শ্ৰেণীকোঠাক দুভাগত ভাগ কৰাৰ এই নতুন ব্যৱস্থা আৰম্ভ হৈছে আফগানিস্তানত। কেৱল সেয়াই নহয়, স্থানীয় সংবাদ মাধ্যমৰ সূত্র মতে, কলেজ ছুটিৰ সময়তো পাঁচ মিনিট আগতে শ্ৰেণীকোঠা এৰিবলৈ কোৱা হৈছে ছোৱালীসকলক, যাতে কলেজ চৌহদতো ল’ৰাবোৰৰ সৈতে তেওঁলোকে মিলামিচা কৰিব নোৱাৰে।











