নিউজ ডেস্কঃ
ত্রিপুৰাত আক্ৰমণৰ সন্মুখীন হ’বলগা হয় প্রাক্তন মুখ্যমন্ত্রী মাণিক সৰকাৰ। সোমবাৰে তেওঁ নিজ বিধানসভা সমষ্টি ধনপুৰলৈ যোৱাৰ পথত তেওঁৰ কনভয়ত আক্ৰমণ চলোৱাৰ অভিযোগ উঠে। কনভয়ৰ দুখনমান গাড়ীত আক্ৰমণৰ পিছত পৰিস্থিতি উত্তপ্ত হৈ উঠে। অভিযোগ, নিজৰ বিধানসভা সমষ্টি পৰিদর্শন কৰিবলৈ যোৱাৰ সময়ত মাজপথতে তেওঁৰ কনভয় আবদ্ধ কৰি ৰখা হয়। তাৰ পিছতে লাঠি, বাঁহেৰে আক্ৰমণ চলোৱা হয় গাড়ীবোৰৰ ওপৰত। ঘটনা দেখি মাণিক সৰকাৰ নিজে গাড়ীৰ পৰা নামি আহি পৰিস্থিতিৰ বুজ লয়। সত্তৰোর্ধ্বৰ দলীয় বিধায়কগৰাকীক ডাঙৰ বিপদৰ পৰা বচাবলৈ তেওঁক নিৰাপদ স্থানলৈ লৈ যায় দলীয় কর্মীসকলে।
তাৰ পিছত দুষ্কৃতিকাৰীক ৰুধিবলৈ প্ৰত্যাক্ৰমণ কৰে চিপিএমৰ কর্মীসকলেও। ইটা–শিল দলিয়াই এটা পক্ষই আনটো পক্ষৰ ওপৰত আক্ৰমণ চলায়। ওচৰৰ বিভিন্ন সামগ্ৰীতো জুই লগাই দিয়ে। ৰাস্তাৰ ওপৰত এই সংঘর্ষৰ ফলত আবদ্ধ হৈ পৰে যান-বাহন। বিজেপি আশ্রিত দুষ্কৃতিকাৰীৰ দিশে এই আক্ৰমণৰ অভিযোগ তুলি সৰৱ হৈ পৰিছে চিপিএম। কিন্তু স্থানীয় বিজেপি নেতৃত্বৰ দাবী, ধনপুৰ মাণিক চৰকাৰৰ সমষ্টি হ’লেও তেওঁ তালৈ যোৱা নাই৷ অঞ্চলটোৰ উন্নয়নৰ কোনো কামো কৰা নাই। সেয়ে তাত প্ৰৱেশ কৰাত বাধা দি জনতাই পথ অৱৰোধ কৰিছে। এয়া জনৰোষৰহে বহিঃপ্রকাশ। এই ঘটনাত বিজেপিৰ কোনো সংযোগ নাই।