![]()
স্বাস্থ্য প্ৰতিবেদন:
গৰমত পিয়াহ আঁতৰাবলৈ ঠাণ্ডা পানী খাবলৈ বহুতেই পছন্দ কৰে। গৰম পানী খালে যেন সঠিকভাৱে তৃষ্ণা দূৰ নহয়। কিন্তু অলপ ঠাণ্ডা পানীতেই প্রাণ জুৰ পৰি যায়। কিন্তু ইয়াৰ ফলত শৰীৰৰ ক্ষতি হয় নেকি?
সম্প্রতি ‘ইণ্টাৰনেচনেল জার্নেল অব ক্লিনিকেল এণ্ড এক্সপেৰিমেন্টেল মেডিচিন’-এ ঠাণ্ডা পানী খোৱাৰ প্রভাৱ সন্দৰ্ভত এখন গৱেষণা-পত্র প্রকাশ কৰিছে। তাত দাবী কৰা হৈছে যে ঠাণ্ডা পানী খোৱাক লৈ বহু ভুল ধাৰণা আছে। যেনে বহুতৰেই ধাৰণা যে এই পানীয়েই শৰীৰৰ কোনো উপকাৰ নকৰে৷ ওলোটাই ক্ষতিহে কৰে। অৱশ্যে এই ধাৰণা সম্পূৰ্ণভাৱে সঁচা নহয়।

ঠাণ্ডা পানীয়ে শৰীৰৰ আদ্রর্তা ধৰি ৰখাত সহায় কৰে। গৰমত শৰীৰৰ পৰা যথেষ্ট ঘাম ওলায়। যিসকলে সাধাৰণ তাপমাত্রাৰ পানী খায়, তেওঁলোকৰ ঘামৰ পৰিমাণ বেছি হয়। আনহাতে, যিসকলে কিছু শীতল পানী খায়, তুলনামূলকভাৱে তেওঁলোকৰ ঘামৰ পৰিমাণ কম হয়।
যিসকলে নিয়মিত শৰীৰচর্চা কৰে, তেওঁলোকৰ ক্ষেত্রতো ঠাণ্ডা পানী উপকাৰী। শৰীৰচর্চাৰ ফলত তেওঁলোকৰ পেশী ক্ষয় হৈ থাকে। সেই ক্ষয়ৰ মাত্রাও ঠাণ্ডা পানীৰ কাৰণে কমে। যদি নিয়মিত ঠাণ্ডা পানী খায়, পেশীয়ে সোনকালে পুষ্টি লাভ কৰে।
ঠাণ্ডা পানী সন্দৰ্ভত আৰু এটি ভুল ধাৰণা আছে। বহুতে বাবে যে ঠাণ্ডা পানী খালে হজমৰ সমস্যা হয়। গৱেষণা-পত্রখনত উক্ত মতৰ বিৰোধিতা কৰা হৈছে। তাত কোৱা হৈছে যে তেনে কোনো প্রমাণ পোৱা হোৱা নাই।
কিন্তু প্রচণ্ড গৰমত হিমশীতল ঠাণ্ডা পানী খালে ডিঙিৰ বিষ হ’ব পাৰে। তেনে ক্ষেত্রত ঠাণ্ডা পানী খোৱাৰ পিছত স্বাভাবিক তাপমাত্রাৰ সামান্য পানীৰে ডিঙি ভিজালে এই সমস্যাৰ পৰা মুক্তি পাব পাৰি।













