স্বাস্থ্য প্ৰতিবেদন:
বহুতৰেই অকালতে চুলি সৰে। মানসিক চাপৰ পৰা আৰম্ভ কৰি পুষ্টিকৰ খাদ্যৰ অভাৱৰ দৰে কাৰণৰ বাহিৰেও জিনগত কাৰণতো কমিব পাৰে চুলিৰ ঘনত্ব। তাৰ লগতে জড়িত হৈছে কৰোনাৰ সমস্যা। ইয়াৰ ফলতো বহুতৰে প্রচুৰ চুলি সৰিছে। এই সমস্যাৰ সমাধান কি?
ঘন চুল ঘূৰাই অনাৰ সহজ পথ হ’ব পাৰে মধুৰিআমৰ পাতৰ ব্যৱহাৰ। এই পাতে কোলাজেন উৎপাদন কৰাত সহায় কৰে। কোলাজেনেই ঘূৰাই দিব পাৰে ঘন চুলি। ইয়াৰ বাবে বনাই ল’ব লাগিব মধুৰিআমৰ পাতৰ চিৰাম।কেনেকৈ বনাব এই চিৰাম? কেনেকৈ ব্যৱহাৰ কৰিব? চাওক পৰামর্শ।
• প্রথমতে কেইটামান মধুৰিআমৰ পাত পানীত সিজাই লওক।
• ২০ মিনিট উতলোৱাৰ পিছত চেকি পানীখিনি উলিয়াই লওক জলটি।
• উক্ত পানী সাধাৰণ তাপমাত্রাত ঠাণ্ডা কৰক।
তৈয়াৰ হৈ গ’ল মধুৰিআমৰ পাতৰ চিৰাম। এতিয়া তলত দিয়া ধৰণে চুলিৰ গুৰিত ইয়াক ব্যৱহাৰ কৰক।
• প্রথমেই মনত ৰাখিব লাগিব, এই চিৰাম ব্যৱহাৰ কৰাৰ সময়ত চুলিত যেন কোনো ৰাসায়নিক দ্ৰব্য লাগি নাথাকে। অন্য ৰাসায়নিক চিৰাম বা তেল থাকিলে ই ভালদৰে কাম নকৰে।
• এই চিৰাম মূৰত সানি ১০ মিনিট ১০ মাছাজ কৰক।
• ইয়াৰ পিছত এঘণ্টামান তেনেদৰে ৰাখক। ৰাতি শোৱাৰ আগতে ইয়াক মূৰত লগোৱাটো বেছি ভাল।
• লগোৱাৰ পিছত কুহুমীয়া গৰম পানীৰে চেম্পু কৰি চুলি ধুই দিয়ক।
এই প্রাকৃতিক চিৰাম এমাহমান ব্যৱহাৰ কৰি ঘন চুল ঘূৰাই পাব পাৰে। চুলি সৰা আৰু পকাৰ হাৰো কমে।