স্বাস্থ্য প্ৰতিবেদন:
যিসকলে ধূমপান কৰা বা নকৰা সকলোৰেই হাওঁফাওঁত দূষিত পদার্থ জমা হয়। তাৰ অন্যতম কাৰণ বায়ু প্ৰদূষণ। হাওঁফাওঁত জমা হোৱা দূষিত পদার্থই ভবিষ্যতে শ্বাসকষ্টৰ কাৰণ হৈ উঠিব পাৰে। আনকি কেন্সাৰৰ আশঙ্কাও বৃদ্ধি কৰে।
কেনেদৰে হাওঁফাওঁক প্ৰদূষণমুক্ত কৰিব? ইয়াৰ সহজ উপায় আছে ঘৰতেই।
আনাৰস :
হাওঁফাওঁত জমা হোৱা নিকটিন বা অন্য দূষিত পদার্থ পৰিষ্কাৰ কৰিব পাৰে আনাৰসে। নিয়মিত এই ফল বা তাৰ ৰস খালে হাওঁফাওঁৰ স্বাস্থ্য ভাল হয়।
গ্রিন টী :
এই চাহত বিপুল পৰিমাণে এন্টিঅক্সিডেন্ট আছে। সমগ্ৰ শৰীৰ দূষিত পদার্থ স্পষ্ট কৰিবলৈ ইয়াৰ বিকল্প নাই। হাওঁফাওঁত জমা হোৱা ক্ষতিকাৰক পদার্থও ই সহজতে পৰিষ্কাৰ কৰিব পাৰে।
আদা :
ঠাণ্ডা লাগিলে বহুতেই আদা খায়। আদাই সমগ্ৰ শ্বাসযন্ত্রৰেই উপকাৰ কৰিব পাৰে। দিনটোত মাজে-সময়ে আদা চোবাই খালে হাওঁফাওঁত জমা হোৱা দূষিত পদার্থ পৰিষ্কাৰ হয়।
গাজৰৰ ৰস :
হাওঁফাওঁ পৰিষ্কাৰ কৰাৰ এক উত্তম ঔষধ। প্ৰতিদিনে দুই গিলাচকৈ গাজৰৰ ৰস খালে হাওঁফাওঁ দূষণমুক্ত হয়।
এইখিনিতে মনত ৰাথিব, এনে কিছু খাদ্যও আছে, যাক খালে হাওঁফাওঁ পৰিষ্কাৰ কৰা পদ্ধতি বাধাপ্রাপ্ত হয়। এই তালিকাত প্রথমতেই আছে দুগ্ধজাত পদার্থ। সেয়ে হাওঁফাওঁৰ স্বাস্থ্য ভাল নহ’লে দুগ্ধজাত খাদ্য খোৱাৰ আগতে চিকিৎসকৰ পৰামর্শ লওক।