স্বাস্থ্য প্ৰতিবেদন:
একেৰাহে কাম কৰি কৰি মনোযোগ বৃদ্ধি কৰিবলৈ মাজে মাজে গ্রিন-টীৰ কাপত চুমুক দিয়ে নেকি? শৰীৰৰ পক্ষে গ্রিন-টী বহু উপকাৰী। বিশেষকৈ যিসকলে ওজন কমাব বিচাৰে তেওঁলোকৰ বহুতেই গ্রিন-টীৰ ওপৰতে ভৰসা ৰাখে।
নিয়ম মানি গ্রিন-টী খালে কেন্সাৰ, আলজাইমাৰ, ষ্ট্ৰোক আৰু ডায়েবেটিছ হোৱাৰ আশঙ্কা বহুখিন কমি যায়। আনকি ছাল ৰুক্ষ হোৱাও ৰোধ কৰিব পাৰে গ্রিন-টীয়ে। কিন্তু সঠিক উপকাৰ পাবলৈ কিমান গ্রিন-টী খোৱাটো জৰুৰী জানেনে? কোনোৱে দিনত ২ কাপ খায়, কোনোৱে হয়তো ৫ কাপ। কিন্তু প্ৰকৃততে কিমান খাব লাগে তাক জনাটো আৱশ্যক।
কেতিয়া খাব?
খালী পেটত গ্রিন-টী নাখাব। কাৰণ বিশেষজ্ঞসকলৰ মতে, গ্রিন-টী দুটা গুৰু আহাৰৰ মাজৰ বিৰতিতেই খোৱা উচিত। সকলোতকৈ বেছি উপকাৰ পাবলৈ হ’লে কোনো গুৰু খাদ্য খোৱাৰ ২ ঘণ্টা আগত বা ২ ঘণ্টা পিছত গ্রিন-টী খাব পাৰে।
কিমানবাৰ খাব?
দিনে ৫-৬ বাৰ গ্রিন-টী খোৱাটো মুঠেই স্বাস্থ্যকৰ নহয়। গ্রিন-টীত এন্টি-অক্সিডেন্ট যেনেদৰে থাকে, তেনেদৰে কিন্তু কেফেইনো থাকে। ফলত তিনিবাৰৰ বেছি গ্রিন-টী খালে নিশা টোপনিৰ সমস্যাই দেখা দিব পাৰে। আনকি শৰীৰৰ অতি প্রয়োজনীয় পদার্থবোৰো ওলাই যাব পাৰে। সেয়ে দিনত ২-৩ বাৰ গ্রিন-টী খাওক। আনহাতে, বদহজম আৰু ইৰিটেবল বাৱেল ছিণ্ড্ৰমৰ সমস্যা থাকিলে গ্রিন-টী এৰাই চলাই ভাল।