স্বাস্থ্য প্ৰতিবেদন:
এনে কিছু পাচলি আছে যি স্বাস্থ্যৰ বাবে অতি ভাল। এনে এবিধ পাচলি হৈছে জিকা। জিকাত ভিটামিন-চিৰ উপৰি আছে কার্বোহাইড্রেট, প্রোটিন, ফাইবাৰ আৰু ভিটামিন বি কমপ্লেক্স। আহক জানি লওঁ জিকাৰ উপকাৰিতা সম্পৰ্কে-
ডাযয়েবেটিছ নিয়ন্ত্রণত থাকিব
খুব কম লোকেহে জানে যে জিকা খোৱাটো ছুগাৰৰ ৰোগীসকলৰ বাবে উপকাৰী। ইয়াত আছে পেপটাইড আৰু ক্ষাৰীয় উপাদান। এই দুয়োটায়েই বিপাক বৃদ্ধিত সহায় কৰে, যি ইনছুলিনৰ পৰিমাণ নিয়ন্ত্রণত সহায়ক। সেয়ে ছুগাৰৰ ৰোগীসকলে অৱশ্যেই ইয়াক খাদ্য তালিকাত ৰখা উচিত।
ওজন নিয়ন্ত্রণত সহায় কৰে
জিকা খালে বহু সময় পেট ভৰ্তি হৈ থাকে। ইয়াৰ ফলত ভোক কম লাগে আৰু ই ওজন বৃদ্ধিৰ সমস্যাৰ পৰা মুক্তি দিয়ে।
চকুৰ বাবে উপকাৰী
জিকা খোৱাটো চকুৰ বাবেও উপকাৰী। ই দৃষ্টিশক্তি বৃদ্ধিত সহায় কৰে। ইয়াত প্রচুৰ পৰিমাণে ভিটামিন এ, বি, চি আৰু পুষ্টিগুণ আছে।
লিভাৰ পৰিষ্কাৰ কৰে
জিকাই লিভাৰক ডিটক্সিফাই কৰাত সহায় কৰে। ই শৰীৰত থকা ময়লা দূৰ কৰাত সহায় কৰে, যাৰ কাৰণে শৰীৰ ৰোগত আক্রান্ত হোৱাৰ সম্ভাৱনা বহুখিনি কমি যায়।
ৰোগ প্রতিৰোধ ক্ষমতা বঢ়ায়
ক’ৰোনাৰ সময়ত শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰাটো অতি গুৰুত্বপূর্ণ। এনে পৰিস্থিতিত অৱশ্যেই খাদ্য তালিকাত জিকা অন্তর্ভুক্ত কৰক।