![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমত পুনৰ ২৫৯ জন লোক ক’ৰোনাত আক্ৰান্ত ৷ যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৮২৫১ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৫৯ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷
ইয়াৰে ৭৪জন কামৰূপ মেট্ৰ’ৰ, ৩৪জন যোৰহাটৰ, ২৬জন শিৱসাগৰৰ আৰু ১৫জন ডিব্ৰুগড়ৰ।শনিবাৰৰ দিনটোত আক্ৰান্তৰ গড় হৈছে ০.৯২ শতাংশ।
আনহাতে,দেওবাৰৰ দিনটোত মৃত্যু হৈছে ৭ জন ব্যক্তিৰ৷উল্লেখ্য যে দেওবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ২৫৯জন লোক।ৰাজ্যত সুস্থৰ হাৰ ৯৮.১৯ শতাংশ।এতিয়ালৈকে অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৫৯৭৯৬৮জনলৈ পাইছে বৃদ্ধি।ৰাজ্যত এতিয়াও চিকিৎসাধীন হৈ আছে ৩৭০৯ জন ৰোগী।













