স্বাস্থ্য প্ৰতিবেদন:
আধুনিক জীৱন-যাত্রাত বৰ্তমান উচ্চ ৰক্তচাপৰ সমস্যা খুব সাধাৰণ কথা হৈ পৰিছে। অনিয়ন্ত্রিত ৰক্তচাপৰ সমস্যাৰ অন্যতম কাৰণ হ’ল, বিশৃংখল জীৱনধাৰা আৰু খাদ্যাভ্যাস।
কেইবিধমান পানীয় সেৱনে আপোনাৰ ৰক্তচাপক সহজতেই নিয়ন্ত্রণত ৰখাত সহায় কৰিব পাৰে।
১) আপেল ছিডাৰ ভিনেগাৰ
পটাচিয়াম সমৃদ্ধ আপেল ছিডাৰ ভিনেগাৰ ৰক্তচাপ নিয়ন্ত্রণৰ ক্ষেত্রত অতি কার্যকৰী। ই শৰীৰৰ পৰা অতিৰিক্ত ছডিয়াম আৰু টক্সিন বাহিৰ উলিয়াই দিয়াত সহায় কৰে। তাৰ উপৰি ৰেনিন এনজাইমৰ উপস্থিতিয়েও ৰক্তচাপ কমোৱাত অত্যন্ত সহায়ক। পুৱা ১ গিলাচ পানীত আপেল ছিডাৰ ভিনেগাৰ আৰু মৌ মিহলাই খাব পাৰে।
২) নেমুপানী
নেমুপানীয়ে শৰীৰৰ কোষবোৰ পৰিষ্কাৰ কৰে। নেমুপানীয়ে শৰীৰৰ পৰা টক্সিন বাহিৰ কৰাত সহায় কৰে। ইয়াৰ উপৰি, ই ৰক্তনলীবোৰক নৰম আৰু নমনীয় কৰি তোলে, ফলত ৰক্তচাপো নিয়ন্ত্রিত হৈ থাকে। তাৰ উপৰি নেমুপানী ভিটামিন-চি আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ হোৱা বাবে ই শৰীৰৰ পৰা ফ্রি-ৰেডিকেল দূৰ কৰাতো সহায় কৰে। প্রতিদিনে পুৱা খালী পেটত ১ গিলাচ কুহুমীয়া নেমুপানী খাওক, ৰক্তচাপ নিয়ন্ত্রণত থাকিব।
৩) মেথিপানী
মেথিৰ পানী ফাইবাৰ সমৃদ্ধ হোৱাৰ বাবে ই ৰক্তচাপ নিয়ন্ত্রণ কৰাত অত্যন্ত সহায়ক। ভাল ফল পাবলৈ প্রতিদিনে নিশাৰ ভাগত এক গিলাচ পানীত দুই চামুচ মেথি ভিজাই ৰাখক। তাৰ পিছত পিছদিনা পুৱা উক্ত পানী চেকি খালী পেটত খাওক। ফল হাতে হাতে পাব৷
৪) পানীলাউৰ ৰস
স্বাস্থ্যৰ ক্ষেত্রত পানীলাউৰ ৰস অত্যন্ত উপকাৰী। এই ৰক্তচাপ নিয়ন্ত্রণত ৰখাতো ভাল সহায়ক। পানীলাউৰ ৰসত ফাইবাৰ, ভিটামিন চি, ভিটামিন বি, ভিটামিন কে, ভিটামিন এ, ভিটামিন ই, আয়ৰন, ফলেট, পটাছিয়াম আৰু মেঙ্গানিজৰ দৰে প্রয়োজনীয় ভিটামিন আৰু খনিজ থাকে।
৫) বিলাহীৰ ৰস
ভিটামিন চি সমৃদ্ধ বিলাহীৰ ৰসেও ৰক্তচাপ নিয়ন্ত্রণত ৰাখিব পাৰে। বিভিন্ন গৱেষণাত দেখা গৈছে যে, প্রতিদিনে এক গিলাচ বিলাহীৰ ৰস খালে হার্টৰ স্বাস্থ্য ভালে থাকে। তাৰ উপৰি বিলাহীৰ ৰসে কোলেষ্টেৰল নিয়ন্ত্রণত ৰখাতো সহায় কৰে।
৬) বিটৰ ৰস
ভিটামিন আৰু খনিজ সমৃদ্ধ বিটৰ ৰসে ৰক্তচাপ নিয়ন্ত্রণত ৰখাত সহায় কৰে। গৱেষণাত দেখা গৈছে যে কেঁচা বিটৰ ৰস ৰক্তচাপ নিয়ন্ত্রণত ৰাখিবলৈ বেছি কার্যকৰী। নাইট্রেটছ সমৃদ্ধ বিটে ৰক্তচাপ-হ্রাসকাৰী প্রভাৱৰ বাবে পৰিচিত।
৭) বেদানাৰ ৰস
বেদানা ফলেট আৰু ভিটামিন চি সমৃদ্ধ এবিধ ফল। বেদানাত এন্টি ইনফ্লেমেটৰী বৈশিষ্ট্য আছে। বেদানাৰ ৰস হার্টৰ স্বাস্থ্যৰ ক্ষেত্রত অতি উপকাৰী। গৱেষণাত দেখা গৈছে যে বেদানাৰ ৰস ছিষ্টোলিক আৰু ডায়েষ্টোলিক উভয় ৰক্তচাপকেই নিয়ন্ত্রণত ৰখাত অত্যন্ত সহায়ক।