ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি ৰাজ্যজুৰি মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তে আজি কাৰ্বি আংলং জিলাৰ বোকাজান আৰু হাওৰাঘাটৰ পৰা মুঠ চাৰিজন মাটিৰ দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰি পোৱা গৈছে । প্ৰাপ্ত তথ্য অনুসৰি আজি ফুলনি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালি কৰাৰ অভিযোগত আৰক্ষীয়ে হাওৰাঘাটৰ দুই দালাল ক্ৰমে দুই নং ৰংকূটৰ সুমন দাস আৰু তাৰাবাছাৰ সত্যেন্দ্ৰ দাসক গ্ৰেপ্তাৰ কৰে।
আনহাতে, বোকাজান মহকুমাৰ বৰপথাৰ থানাৰ অন্তৰ্গত শান্তিপুৰৰ পৰাও আৰক্ষীয়ে আন দুই মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । সাধাৰণ নাগৰিকক মাটিৰ কিনা-বেচাকে ধৰি বিভিন্ন কাম কৰি দিয়াৰ নামত দালালি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দুই দালাল ক্ৰমে শান্তিপুৰ নিবাসী তিলক লামা আৰু ৰাজু শৰ্মা বুলি জানিব পৰা গৈছে।