নিউজ ডেস্কঃ
ইকবালপুৰত নিৰ্বাচনী প্রচাৰৰ মঞ্চৰ পৰা বিজেপিক কঠোৰ ভাষাত আক্রমণ কৰিলে তৃণমূল নেত্রী মমতা বেনাৰ্জীয়ে। ইকবালপুৰৰ মঞ্চৰ পৰা বিজেপিলৈ প্ৰত্যাহ্বান আগবঢ়ালে মমতাই।
এই প্রসঙ্গত মমতাই কয়, ‘প্রয়োজনত ত্রিপুৰা, অসমত খেলা হ’ব। ত্রিপুৰালৈ গ’লে মূৰ ফলা হয়। তৃণমূলক ৰুধিবলৈ ত্রিপুৰাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ত্রিপুৰা চৰকাৰে কৈছে, পূজাৰ সময়তো ১৪৪ ধাৰা জাৰি ৰাখিব। কিন্তু আমাৰ ইয়াত পূজা হ’ব৷ আপোনালোকে শান্তিত ভোট দিয়। যদি কোনোবাই বদমাচি কৰে তেন্তে তেওঁলোকক ৰেহাই নিদিব। আমি ভাৰতবর্ষৰ বিভিন্ন স্থানত বিজেপিৰ বিৰুদ্ধে যুঁজিম। প্রয়োজনত ত্রিপুৰাত খেলা হ’ব। ভোটৰ ময়দানত যুদ্ধ হ’ব, বিজেপিক হৰুৱাব। আমি খেলিম, জিকিম, বিজেপিক দেশৰ পৰা বাহিৰ কৰিম। এইটোৱেই আমাৰ প্রতিজ্ঞা।’
উল্লেখ্য, অহা ৩০ ছেপ্টেম্বৰত বংগৰ ভবানীপুৰত উপ-নির্বাচন। তাৰ পূৰ্বে আজি প্রথম পথসভা কৰে মমতাই। সাধাৰণ মানুহক ভোটদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে ভবানীপুৰৰ পৰাই নিৰ্বাচনত জয়ী হৈ মুখ্যমন্ত্রী হ’ব বুলিও আত্মবিশ্বাসী মমতা।