স্বাস্থ্য প্ৰতিবেদন:
ডায়েবেটিচ বা মধুমেহ এনে এবিধ ক্রনিক ৰোগ, যি শৰীৰত ইনছুলিন উৎপাদনৰ অভাৱৰ কাৰণে হয়। শৰীৰে পেনক্রিয়াছ ইনছুলিন হৰমোনৰ উৎপাদন কম কৰিলে অথবা বন্ধ কৰি দিলে মধুমেহ ৰোগৰ সঙ্কট বৃদ্ধি পায়। ডায়েবেটিচ ৰোগীসকলে খোৱা-লোৱাৰ বিশেষ যত্ন ল’বলগা হয়। কাৰণ এই সময়ত ৰক্তত শর্কৰাৰ পৰিমাণ উঠা-নমা কৰি থাকে।
ৰক্তত শর্কৰাৰ পৰিমাণ অত্যধিক হাৰত বাঢ়ি গ’লে কিডনি আৰু হৃদযন্ত্র বিকল হৈ পৰিব পাৰে। সেয়ে ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰখাটো অত্যন্ত জৰুৰী।
ঔষধৰ লগতে খোৱা-লোৱাৰ মাধ্যমৰেও ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰিব পৰা যায়। এনে এবিধ খাদ্যবস্তু হ’ল কেৰেলা।
কেৰেলাত তিনি ধৰণৰ এন্টি ডায়েবিটিক গুণ থাকে, যিয়ে ইনছুলিনৰ পৰিমাণ বৃদ্ধিত সহায় কৰে। ইয়াত উপস্থিত পটাচিয়াম, জিঙ্ক, মেগনেচিয়াম, ফছফৰাছ, কেলচিয়াম, কপাৰ, আয়ৰন আৰু মেঙ্গানিজ উৎকৃষ্ট পৰিমাণে থাকে। ইয়াৰ উপৰি কেৰেলাত ভিটামিন এ, চি, বিৰ লগতে থিয়ামিন, নিয়াচিন আৰু ৰাইবোফ্লোবিনো থাকে। ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰাখিবলৈ বিভিন্ন ধৰণে কেৰেলা খাব পাৰে।
প্ৰতিদিনে পুৱা খালি পেটত কেৰেলাৰ ৰস খালে উপকাৰ পোৱা যায়। এই ৰসে ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰখাত সহায় কৰে। নিয়মিত আধা কাপ কেৰেলাৰ ৰস খোৱা উচিত। কেৰেলাৰ তিতা স্বাদ দূৰ কৰাৰ বাবে ইয়াত বিট নিমখ মিহলাব পাৰে। ৰস খাব নোৱাৰিলে তৰকাৰী বনাইও খাব পাৰে।
কেৰেলাৰ পাউডাৰ বনাই খালেও সুফল পাব পাৰে। ইয়াৰ বাবে কেৰেলা ভালদৰে ধুই কাটি লওক। তাৰ পিছত শুকাওক। ভালদৰে শুকালে বটি পাউডাৰ প্ৰস্তুত কৰি লওক। প্ৰতিদিনে পুৱা খালি পেটত পানীৰ সৈতে আধা চামুচ কেৰেলাৰ পাউডাৰ খালে ৰক্তত শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত ৰাখিব পাৰিব।