নিউজ ডেস্কঃ
তৃণমূলৰ লক্ষ্য এইবাৰ মেঘালয় নেকি? উত্তৰ-পূব ভাৰতত এইবাৰ সংগঠন গঢ়াৰ কুছকাৱাজ তৃণমূলৰ। মেঘালয় কংগ্রেছত মোক্ষম আঘাত হানি তৃণমূলত যোগ দিব পাৰে মেঘালয়ৰ প্রাক্তন মুখ্যমন্ত্রী মুকুল চাংমাই। জানিব পৰা মতে, মুকুল চাংমা কলকাতালৈ কিবা কামত গৈছিল। যোৱা মঙ্গলবাৰে নিশা তৃণমূল কংগ্রেছৰ সর্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ সৈতে সাক্ষাৎ কৰে তেওঁ।
উল্লেখ্য, মেঘালয়ৰ ৰাজনীতিত অতি প্রাসঙ্গিক মুকুল চাংমা। ২০১৮ চন পর্যন্ত ৰাজ্যখনৰ মুখ্যমন্ত্রী আছিল তেওঁ। ইয়াৰ পিছত তাত কংগ্রেছ চৰকাৰৰ পতনৰ পিছত বিৰোধী দলৰ নেতা হয় তেওঁ। সাম্প্রতিক সময়ত দলৰ কেন্দ্রীয় নেতৃত্বৰ সৈতে তেওঁৰ দূৰত্ব সৃষ্টি হৈছে। সাংসদ ভিনছেন্ট এইচ পালাক ৰাজ্যিক সভাপতিৰ পদ দিছে কংগ্রেছৰ শীর্ষ নেতৃত্বই। ইয়াৰ পিছতেই অধিক ক্ষোভৰ সৃষ্টি হয় তেওঁৰ। সেই সুযোগকেই কামত লগাবলৈ আগবাঢ়িছে তৃণমূল।
ত্রিপুৰা-অসমৰ দৰে ৰাজ্যত ভেটি শক্তিশালী কৰিবলৈ উঠিপৰি লাগিছে তৃণমূল। আৰু যদি মুকুল চাংমাৰ তৃণমূলত যোগদানৰ অনুমান যদি সঁচা হয় তেন্তে উক্ত তালিকাত এইবাৰ সংযোগ হ’ব মেঘালয়।