![]()
নিউজ ডেস্কঃ
কেইসপ্তাহমান পূৰ্বে পোহৰলৈ আহিছিল এক ভিডিও। পাকিস্তানৰ ধর্মীয় সংগঠন জামিয়ত-উলেমা-ই-ইছলামৰ সহকাৰী আমিৰ তথা মাদ্রাছা প্রতিষ্ঠান মঞ্চৰ নেতা আজিজুৰে যৌন নির্যাতন চলাইছে এগৰাকী শিক্ষাৰ্থীক। কিন্তু তেওঁৰ জনপ্রিয়তাৰ কথা ভাবি প্ৰথমতে ব্যৱস্থা লোৱাত দ্বিধাগ্ৰস্ত হৈছিল পাক পঞ্জাবৰ আৰক্ষী। কিন্তু অৱশেষত শিক্ষাৰ্থীগৰাকীৰ এগৰাকী সম্পৰ্কীয়ৰ অভিযোগৰ ভিত্তিত সোমবাৰে লাহোৰৰ মিয়াৱালিৰ পৰা গ্রেপ্তাৰ কৰা হয় ৭০ বছৰীয়া আজিজুৰক। ইফালে পৰিস্থিতিৰ গভীৰতাৰ প্ৰতি লক্ষ্য কৰি পাক প্রধানমন্ত্রী ইমৰান খানে উক্ত অভিযোগৰ নিৰপেক্ষ তদন্তৰ আশ্বাস দিয়ে।
আৰক্ষীৰ জেৰাত ইতিমধ্যে আজিজুৰে দোষ স্বীকাৰ কৰা বুলি জনাইছে পঞ্জাব আৰক্ষীৰ ডিআইজি শ্বৰিক জামাল খানে।
আনহাতে, যৌন নিগ্রহৰ ভিডিও প্রকাশ্যে অহাৰ পিছত আজিজুৰৰ পুত্ৰসকলে মাদ্রাছাৰ ছাত্ৰীগৰাকীক আৰক্ষীক অভিযোগ নিদিবৰ বাবে ভাবুকি দিয়াৰো অভিযোগ উঠিছে। যৌন নির্যাতন আৰু ভীতি প্রদর্শনৰ অভিযোগ প্রমাণিত হ’লে ১০ বছৰ পর্যন্ত কাৰাবাস খাটিব পাৰে আজিজুৰে।











