![]()
নিউজ ডেস্কঃ
এমাহ, দুমাহ নহয় একেৰাহে ৯ মাহ ধৰি এগৰাকী ১৫ বছৰীয়া কিশোৰীক ধর্ষণৰ অভিযোগ উঠিল ২৯ জনৰ বিৰুদ্ধে। অভিযুক্তকেইজনৰ ভিতৰত দুজন নাবালক। চলিত বছৰৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰ পর্যন্ত একেৰাহে নির্যাতনৰ চিকাৰ হ’বলগা হৈছে মহাৰাষ্ট্রৰ কিশোৰীগৰাকী।
আৰক্ষী সূত্ৰ মতে, ‘নির্যাতিতাই নিজেই থানালৈ আহি বিগত নমাহ ধৰি তেওঁৰ ওপৰত হোৱা নির্যাতনৰ বর্ণনা দিছে। ২৯ জনৰ নামো প্ৰকাশ কৰিছে। তাৰে ভিতৰত দুজন নাবালক। চলিত বছৰৰ জানুৱাৰীৰ পৰা ২২ ছেপ্টেম্বৰ পর্যন্ত তেওঁৰ ওপৰত নির্যাতন চলাইছে অভিযুক্তকেইজনে।’
নির্যাতিতাৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে ২৪ জনক গ্রেপ্তাৰ কৰা হৈছে। দুই অভিযুক্ত নাবালককো গ্রেপ্তাৰ কৰা হৈছে। আৰক্ষীৰ মতে, ডোম্বিভালি, ৰাবালে, মুৰবাদ, বদলাপুৰৰ দৰে বহু স্থানত অভিযুক্তই ধর্ষণ কৰিছে নির্যাতিতাক। অভিযুক্তই ধর্ষণ কৰা মুহূর্তৰ ভিডিও তুলি ৰখা বুলিও অভিযোগ নিৰ্যাতিতাৰ। তাৰ পিছত উক্ত ভিডিও ফাদিল কৰাৰ ভয় দেখুৱাই দিনৰ পিছত দিন ধৰি চলাই আহিছে অত্যাচাৰ।
যোৱা জানুৱাৰীত কিশোৰীগৰাকীৰ এজন বন্ধুৱে ধর্ষণ কৰি ভিডিও কৰি ৰাখে আৰু পিছত উক্ত ভিডিও অন্যসকললৈ পঠায়। তেনেদৰেই ইজনৰ পিছত সিজনে ভয় দেখুৱাই ধৰ্ষণ কৰি যায় কিশোৰীগৰাকীক৷











