স্বাস্থ্য প্ৰতিবেদন:
খেজুৰ আমাৰ শৰীৰৰ বাবে অতি উপকাৰী পুষ্টিকৰ ফল। খেজুৰত প্ৰ’টিন, কাৰ্বহাইড্ৰেট, আইৰণ, কেলছিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফাইবাৰ, ভিটামিন-এ, বি, চি, ডি, এচকৰবিক এচিড আদি উপাদান পোৱা যায়।
খালী পেটত খেজুৰ খোৱাটো অতি উপকাৰী।
# নিয়মিত খেজুৰ খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে।
# গাখীৰৰ লগত খেজুৰ খালে ৰক্তহীনতাৰ সমস্যা দূৰ হয়।
# খেজুৰে খাদ্য হজম কৰাত সহায় কৰে।
# ফাইবাৰযুক্ত খেজুৰে কোষ্ঠকাঠিন্যতাৰ সমস্যা দূৰ কৰে।
# খেজুৰ খালে শৰীৰত ভিটামিনৰ অভাৱ পূৰণ হয়।
# প্ৰ’টিনেৰে ভৰপূৰ খেজুৰ খালে শৰীৰৰ মাংসপেশী সবল হয়।
# ভিটামিন-এ থকাৰ বাবে দৃষ্টিশক্তি বঢ়ায়। কুকুৰীকণা ৰোগ প্ৰতিৰোধ কৰে।
# খেজুৰে কৃমিৰ সমস্যা দূৰ কৰে।
# খেজুৰে স্মৃতিশক্তি বঢ়ায়, স্নায়ুতন্ত্ৰ সবল কৰে।
# খেজুৰ খালে ছাল মসৃণ হোৱাৰ লগতে উজ্বলতাও বাঢ়ে।
# শৰীৰৰ হাড়ৰ গঠন মজবুত কৰে । বয়স বঢ়াৰ লগে লগে হাড় থুনুকা হোৱা ৰোগ প্ৰতিৰোধ কৰিব পাৰে।
# পানীলগা, শুকান কাহ আদি শ্বাস-প্ৰশ্বাসজনিত সমস্যাত খেজুৰ উপকাৰী।
# খেজুৰে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, হৃদৰোগৰ সম্ভাৱনা কম কৰে।