ASSAM TIMES POST
বনানী শৰ্মাৰ কলমত ‘আছাম টাইমছ্ প’ষ্ট’ৰ প্ৰতিবেদন
বহুতৰে ধাৰণা আছে এইবুলি, ‘নাটকে ভবাই হে তুলিব পাৰে, জীৱনৰ বাটত আগুৱাই নিব নোৱাৰে।’ কিন্তু উক্ত ধাৰণাক ভুল প্ৰমাণিত কৰিলে এখন নাট্য কৰ্মশালাই। যাৰ জৰিয়তে নাট এখনত অভিনয় কৰাৰ প্ৰায় এমাহমানৰ পিছৰেপৰা তিনিআলি-চাৰিআলিত উদ্দেশ্যহীনভাৱে আড্ডা মাৰি সময় কটোৱা, সমাজৰ চকুত বিশৃংখল কেইবাজনো প্ৰশিক্ষাৰ্থীয়ে এতিয়া অবাবত সময় নষ্ট নকৰে।
তেওঁলোক ব্যস্ত এতিয়া জীৱনত দেখা ‘সপোন’ বাস্তৱায়িত কৰাৰ কামত। গৰমৰ বন্ধত অসমৰ আন আন প্ৰান্তৰ দৰে লখিমপুৰৰ ভিতৰুৱা ঘিলামৰাতো অনুষ্ঠিত হৈছিল নাট্য কৰ্মশালা। কৰ্মশালাখনিত প্ৰশিক্ষক হিচাপে আছিল গোপমণি গগৈ, ফণী শৰ্মা আৰু দীপক কাকতি। ভাওনা আৰু থিয়েটাৰে প্ৰাধান্য পোৱা ঠাইখনত কৰ্মশালাৰ শেষত দৰ্শকক এখন সুন্দৰ নাটক দেখোৱাৰ হেপাঁহতে কৰ্মশালাত ভাগ লোৱা প্ৰশিক্ষাৰ্থী সকলৰদ্বাৰা প্ৰশিক্ষক গোপমণি গগৈৰ ৰচনা আৰু পৰিচালনাৰ ‘এজাক বৰষুণৰ অপেক্ষাত’শীৰ্ষক নাটখনি মঞ্চস্থ কৰা হয়।
নাটকখনৰ জৰিয়তে দৰ্শকক দেখোৱা হৈছিল যে সমাজৰ এচামে বিশেষ একো নাপায়ো পোৱাখিনিৰ মাজত সুখ বিচাৰি লয় আৰু আন এচামে বহুত কিবা-কিবি পায়ো অত্যাধুনিক জীৱন এটাৰ পাছত দৌৰি দৌৰি নিজৰ মূল শিপা পাহৰি প্ৰকৃতি ধংস কৰে। নাটকখনৰ শব্দ-পোহৰ সকলো প্ৰাকৃতিক। দৰাচলতে নাটকখন মঞ্চস্থ কৰা হৈছিল পথাৰত, চাৰিওফালে দৰ্শকৰ মাজত।
নাটকখনত কেইবাটাও জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী কবিতাক খণ্ড-খণ্ডকৈ নাট্যৰূপ দিয়া হৈছিল। নাটকখনত এটা দৃশ্যৰপৰা আন এটা দৃশ্যলৈ যাওঁতে পৰম্পৰাগত সংগীতৰ সুৰ ব্যৱহাৰ কৰা হৈছে। মণিমুগ্ধই ভুলৰ উমান পাই ৰূপালীমক মুক্তি দিয়াৰ দৃশ্যৰে সমাপ্ত কৰা হৈছিল নাটকখন। নাটকখনে লাভ কৰিছিল দৰ্শকৰ বিপুল সঁহাৰি।
অৱশ্যে নাটকৰ প্ৰকৃত ফলাফল প্ৰশিক্ষক গোপমণি গগৈয়ে এমাহ পিছতহে পাইছিল, যেতিয়া তেওঁলৈ ফোন কৰি কৰ্মশালাত অংশগ্ৰহণ কৰা কেইজনমান প্ৰশিক্ষাৰ্থীয়ে জনালে যে নাট কৰ্মশালাত অংশগ্ৰহণৰ পাছৰেপৰা তেওঁলোকে অনুভৱ কৰিছে এইবুলি জীৱনৰ প্ৰতিটো পল বৰ মূল্যবান। গতিকে অনাহকত সময় নষ্ট নকৰি এতিয়া আগবাঢ়িবৰ চেষ্টা কৰিছে ‘সপোন’ সফল কৰাৰ দিশত।
নাট কৰ্মশালাৰপৰা হোৱা প্ৰশিক্ষাৰ্থীৰ জীৱনৰ এনে পৰিৱৰ্তনে প্ৰশিক্ষকসকলক আনন্দিত আৰু গৌৰৱান্বিত কৰি তুলিছে। পৰৱৰ্তী সময়ত অসমৰ ভিতৰুৱা আন আন ঠাইতো নাট কৰ্মশালা অনুষ্ঠিত কৰি ছাএ-ছাত্ৰীক নাটকৰ বহল জগতখনত আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে গোপমণি গগৈৰ লগতে আন দুজন প্ৰশিক্ষকে।