![]()
নিউজ ডেস্কঃ
এগৰাকী মডেলৰ চুলি বেয়াকৈ কাটি নতুন দিল্লীৰ পঞ্চতাৰকা হোটেল আইটিচি মৌর্য সন্মুখীন হ’বলগা হ’ল ক্ষতিপূৰণৰ৷ হোটেলখনক ২ কোটি টকা ক্ষতিপূৰণ আদায়ৰ নির্দেশ দিলে ৰাষ্ট্ৰীয় গ্রাহক অভিযোগ নিৰায়ম আয়োগ চমুকৈ এনচিডিআৰচিয়ে।
বৃহস্পতিবাৰে এনচিডিআৰচিত গোচৰটো উঠাত ‘বেয়া মানৰ সেৱা’ আৰু ‘চুলিৰ প্রতি গাফিলতি’ৰ বাবে গ্রাহকজনক ২ কোটি টকা ক্ষতিপূৰণৰ নির্দেশ দিয়া হৈছে। আঠ সপ্তাহৰ ভিতৰত উক্ত ক্ষতিপূৰণ দিব লাগিব বুলিও নির্দেশ দিছে এনচিডিআৰচিয়ে।
আয়োগে তেওঁলোকৰ পর্যবেক্ষণত জনাইছে, চুলি মহিলাসকলৰ সৌন্দর্যৰ প্রতীক। চুলিক লৈ তেওঁলোক যথেষ্ট সচেতন। চুলি কেনেদৰে ভালে ৰাখিবলগা হয়, তাক লৈও তেওঁলোকে চর্চা কৰে। চুলিৰ সৈতে মহিলাসকলৰ এক আবেগ জড়িত হৈ আছে। আয়োগে লগতে জনাইছে, মডেলগৰাকীয়ে চুলিৰ সামগ্রীৰ বিজ্ঞাপন কৰে। কিন্তু তেওঁৰ কথামতে চুলি নকাটাত মডেলগৰাকীয়ে কা মপোৱাত যথেষ্ট সমস্যা হৈছে। ডাঙৰ মডেল হোৱাৰ সপোন চূড়মাৰ হৈ গৈছে। সামগ্রিক পর্যবেক্ষণৰ পিছতেই হোটেল মৌর্য কর্তৃপক্ষক ২ কেটি টকা ক্ষতিপূৰণৰ নির্দেশ দিয়ে আয়োগে।
ঘটনাটি ২০১৮ৰ ১২ এপ্রিলৰ। এক সাক্ষাৎকাৰৰ পূৰ্বে হোটেল মৌর্যৰ চেলুনত চুলি কটাবলৈ গৈছিল মডেল আশনা ৰায়। অভিযোগ আছিল, ‘হেয়াৰ ড্ৰেছাৰ’জনক যি মাপত চুলি কাটিবলৈ কোৱা হৈছিল, তাৰ ঠিক বিপৰীত কৰি বহুখিনি চুলি কাটি পেলায়। ওপৰৰ পৰা ৪ ইঞ্চি এৰি বাকীখিনি কাটিবলৈ কোৱা হৈছিল। কিন্তু হেয়াৰ ড্ৰেছাৰজনে সম্পূৰ্ণ চুলিয়েই কাটি পেলাইছিল। কেৱল সেয়াই নহয়, অতিৰিক্ত এমোনিয়া ব্যৱহাৰ কৰি চুলিৰ ক্ষতি কৰা বুলিও অভিযোগ কৰে আশনাই।
ইয়াৰ পিছতেই বিষয়টি সন্দৰ্ভত হোটেল মেনেজাৰৰ দ্বাৰস্থ হয় আশনা। কিন্তু তেওঁক বিনামূল্যে চুলিৰ অন্য সেৱাৰ প্রস্তাৱ দিয়া হয়। আশনাৰ আৰু অভিযোগ আছিল, এই ভুল কৰাৰ পিছতো হেয়াৰ ড্ৰেছাৰজনৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই হোটেল কর্তৃপক্ষই। ইয়াৰ পিছতেই এনচিডিআৰচিত গোচৰ তৰে তেওঁ।











