![]()
নিউজ ডেস্কঃ
বেঙ্কৰ কাম-কাজ কৰিবলৈ আজিকালি বেংকলৈ নগ’লেও হয়। বেছিভাগ ক্ষেত্রতে হাতৰ এণ্ড্ৰয়েড ফোনতেই সমস্যাৰ সমাধান যায়। ইয়াৰ ফলত সুবিধা যেনেদৰে হৈছে, কিন্তু বিপদাশংকাও বাঢ়িছে৷ কেন্দ্রীয় চৰকাৰৰ ইণ্ডিয়ান কম্পিউটাৰ ইমাৰজেন্সী ৰেছপন্স টীম বা চিইআৰটিয়ে সতর্ক কৰিছে এক মালৱেৰৰ বিপদাশংকাৰ পৰা। ই এনে এক মোবাইল এপ্লিকেচন যিয়ে মুহূর্ততে আপোনাৰ একাউন্টৰ পৰা সকলো টকা চাফা কৰি দিব পাৰে।
মালৱেৰটোৰ নাম ড্ৰিনিক। ই সমগ্ৰ দেশৰ ২৭টা বেঙ্কৰ (যাৰ ভিতৰত ৰাষ্ট্ৰীয়কৃত বেঙ্কো আছে) তথ্য হেক কৰি নিব পাৰে। এই ড্ৰিনিক এপটো হেকাৰসকলৰ প্রলোভনত এবাৰ ইনষ্টল কৰিলেই সর্বনাশ। বেছিভাগ ক্ষেত্রতেই আয়কৰ বিভাগৰ প্রতিনিধি সাজি ফোন কৰে হেকাৰে। মিছা প্রলোভন দেখুৱাই পঠায় এছএমএছ, সেই এছএমএছ পঢ়ি লিঙ্ক খুলিলে একেবাৰে আয়কৰ ৱেবছাইটৰ দৰেই ছাইট খুলি যায়। নাম-ঠিকনা, আধাৰ, পান নম্বৰসহ আয়কৰ বিভাগৰ পৰা টকা ঘূৰাই পোৱাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিবলৈ কয়। জানি লয় বেঙ্ক একাউন্ট, আইএফএছচি কোডসহ একাধিক গোপনীয় বেঙ্কিং তথ্য। আয়কৰ বিভাগৰ পৰা টকা ঘূৰাই পোৱাৰ লোভত বহুতেই উক্ত ফান্দত ভৰি দিয়ে। তাতেই সর্বস্বান্ত হোৱাৰ পথ প্ৰশস্ত হয়। ইয়াৰ প্রতিকাৰ হিচাবে সতর্ক হোৱাৰ বাহিৰে আন উপায় নাই।
প্রথমতে গুগল প্লে’ ষ্টোৰৰ বাহিৰে কোনো এপ ডাউনলোড কৰিবলৈ নিষেধ কৰিছে চিইআৰটি-ইনে। তাত বিপদাংশকা কম। আনকি গুগল প্লে’ ষ্টোৰৰ পৰা ডাউনলোড কৰাৰ ক্ষেত্রতো এপটি কিমান মানুহে ব্যৱহাৰ কৰিছে, ৰিভিউ কেনেধৰণৰ তাকো চাই ল’ব।











