![]()
নিউজ ডেস্কঃ
তিনিদিনীয়া আমেৰিকা ভ্ৰমণলৈ যোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তাতো ৰেহাই পোৱা নাই কৃষক বিদ্ৰোহৰ পৰা। বহু সংখ্যক আমেৰিকাবাসী ভাৰতীয়ই কৃষি আইনক লৈ বিক্ষোভ প্ৰদৰ্শন কৰে হোৱাইট হাউছৰ সন্মুখত। অৱশ্যে বিক্ষোভৰ প্ৰসংগ কেৱল এটাই নাছিল, কাশ্মীৰত আইন-শৃঙ্খলা, সংখ্যালঘুসকলৰ ওপৰত আক্ৰমণৰ বিষয়তো বিক্ষোভ প্রদর্শন কৰে প্রবাসী ভাৰতীয়সকলে।
হোৱোইট হাউছৰ সন্মুখত লাফায়েট স্কোৱাৰ পার্কত বহু সংখ্যক প্ৰবাসী ভাৰতীয়ই পোষ্টাৰ হাতত লৈ উপস্থিত হয়। পোষ্টাৰত লিখা আছিল, ‘ছেভ ইণ্ডিয়া ফ্রম ফেচিজিম’। ফেচিজিমৰ হাতৰ পৰা দেশক ৰাক্ষা কৰাৰ লগতে মোদী-বিৰোধী শ্লোগানো শুনা গ’ল প্ৰতিবাদকাৰীসকলৰ কণ্ঠত।











