নিউজ ডেস্কঃ
মোদীৰ জন্মদিনত দেশজুৰি ৰেকর্ড টীকাকৰণ হয়। প্রতি ছেকেণ্ডত ৭০০ৰো বেছি দেশবাসীৰ টীকাকৰণ হোৱাৰ খবৰ ওলাইছে। মুঠ আঢ়ৈ কোটিৰো অধিক টীকাকৰণ হয় উক্ত দিনটোত। বিজেপিশাসিত ৰাজ্যবোৰত গড়ে ২৫-৩০ লাখৰো অধিক মানুহে টীকা লাভ কৰে। মধ্যপ্রদেশতো ২৭ লাখৰো বেছি মানুহক উক্ত দিনা টীকা দিয়া হৈছে। ইমানখিনিলৈ ঠিকে আছিল। কিন্তু দেখা গৈছে, যিসকল ব্যক্তিয়ে টীকা লোৱা নাই তেওঁলোকলৈও টীকা লোৱাৰ মেছেজ গৈছে। তাৰ ফলত প্রকৃত টীকাকৰণৰ সংখ্যাটো আচলতে কিমান তাক লৈ সন্দেহৰ সৃষ্টি হৈছে।
জানিব পৰা মতে, মধ্যপ্রদেশৰ আগাৰ মালৱাৰ এগৰাকী বাসিন্দা আশুতোষ শর্মাৰ ফোনত ১৭ ছেপ্টেম্বৰৰ নিশা ৮.২০ বজাত এটি এছএমএছ আহে। তাত লিখা আছে, ‘মাননীয়া বিদ্যা দেৱী। আপুনি ১৭ ছেপ্টেম্বৰত সফলভাবে কোভিশিল্ডৰ দ্বিতীয় পালি পাইছে।’ বিদ্যা দেৱী হৈছে আশুতোষৰ মাতৃ৷ মাতৃৰ টীকাৰ মেছেজ পুত্ৰৰ ফোনত আহিব পাৰে, যদি উক্ত নম্বৰটোৱেই ব্যৱহাৰ কৰে। কিন্তু বিদ্যা দেৱীৰ যোৱা চাৰি মাহ আগতেই কৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে। তাতেই সন্দেহৰ প্রশ্ন, কেনেদৰে এজন মৃত ব্যক্তিয়ে টীকা ল’লে?
এই বিষয়ত আশুতোষে কয়, ‘মোৰ এক হাতত মাতৃৰ মৃত্যুৰ প্ৰমাণ-পত্র, অন্য হাতত টীকাকৰণৰ প্ৰমাণ-পত্ৰ। হয়তো টীকাকৰণৰ সংখ্যা বৃদ্ধিৰ বাবেই চৰকাৰী বিষয়াসকলৰ ওপৰত চাপ সৃষ্টি কৰা হৈছে।’
একেদৰে পিঙ্কি বার্মা নামৰ এজন ব্যক্তিয়েও একেই মেছেজ পায় য’ত লিখা আছিল তেওঁ দ্বিতীয় পালি পাইছে। কিন্তু তেওঁ আচলতে সেইদিনা টীকা লোৱাই নাই। তেওঁ কয়, ‘মই ৮ জুনত টীকাৰ প্রথম পালি লওঁ। মোৰ দ্বিতীয় পালি লোৱাৰ কথা আছিল ৭ ছেপ্টেম্বৰত। কিন্তু শৰীৰ বেয়া হোৱাত মই সেই টীকা লোৱা নাই। সম্ভৱ ইচ্ছা কৰিয়েই এইটো কৰা হৈছে।’ কেৱল এই দুজনেই নহয়, আৰু বহুতৰ ক্ষেত্ৰতে হৈছে অনুৰূপ ঘটনা৷ অৱশ্যে চৰকাৰৰ তৰফৰ পৰা যুক্তি দিয়া হৈছে যে প্রযুক্তিগত কোনো ত্রুটিৰ বাবে এইটো হৈছে। কিন্তু ইয়াকে লৈ সৰৱ বিৰোধী।