স্বাস্থ্য প্ৰতিবেদন:
চজিনাৰ পাত অতিকৈ গুণ সমৃদ্ধকাৰী এবিধ ঔষধি। ইয়াৰ পাতত আয়ৰন, কেলচিয়াম, পটাছিয়াম, মেগনেচিয়াম, ফলিক এচিড, ফছফৰাছ, ভিটামিন চি, ভিটামিন বি৬ ,ভিটামিন এ, ভিটামিন ই আদি প্ৰচুৰ মাত্ৰাত পোৱা যায়। তদুপৰি ই এন্টি অক্সিডেন্ট, এন্টি বেক্টেৰিয়েল, এন্টি ইনফ্লেমটৰি আদি গুণেৰে ভৰপূৰ। চজিনা পাতৰ
ঔষধি গুণসমূহ হৈছে :
# ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সেইবাবে কৰোনা ভাইৰাছৰ লগত যুঁজ দিবলৈ ইয়াৰ গুৰুত্ব বৃদ্ধি পাইছে।
# উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াৰ বাবে চজিনা পাতৰ চাহ অতিকৈ লাভদায়ক।
# চজিনা পাতত থকা ইনচুলিনে তেজত শৰ্কৰাৰ পৰিমাণ সন্তুলিত কৰি ৰাখে বাবে মধুমেহ ৰোগীয়ে খাব লাগে।
# ঋতুকালিন চৰ্দি, জ্বৰ, ভাইৰেল সংক্রমণ আদি সমস্যা লাঘৱ কৰে।
# পেটৰ বিভিন্ন সমস্যা লাঘৱ কৰে। হজম শক্তি বৃদ্ধি কৰে। কোষ্ঠকাঠিন্যৰ সমস্যাত ভোগাৰ লোকৰ বাবে লাভদায়ক।
# প্ৰচুৰ পৰিমাণত আয়ৰন আছে বাবে ৰক্তহীনতাত ভূগি থকা লোকে খাব লাগে।
# শৰীৰৰ বেয়া কলেষ্ট্রৰেল বাহিৰ কৰি, হৃদ ৰোগৰ সমস্যা কমাই ৰাখে।
# কেন্সাৰৰ কোষসমূহ ধ্বংস কৰে।
# নিয়মিতভাবে খাই থাকিলে মগজু সক্ৰিয় হৈ থাকে।
# দাত, হাড়, মাংসপেশী মজবুত কৰে। সেইবাবে উঠি অহা ল’ৰা-ছোৱালীক খুওৱাব লাগে।
# লিভাৰ ভালে ৰাখে।
# চজিনা পাতৰ ৰসৰ লগত তিয়ঁহৰ ৰস মিলাই খালে প্ৰস্বাবৰ সংক্রমণ দূৰ হয়।
# দাঁতৰ বিষ, পায়েৰীয়া আদিত চজিনা পাত পানীত সিজাই ঠাণ্ডা কৰি সেই পানীৰে কুলকুলাব লাগে।
# চজিনাৰ পাত বটি বা শুকান গুড়ি গোলাপজলৰ লগত সানিলে মুখৰ ক’লা দাগ, শালমন, ৰ’দে পোৰা দাগ আদি নাইকিয়া হয়। মুখলৈ উজ্জ্বলতা আনে।
# ছজিনা পাতৰ ৰসে চুলিৰ বিভিন্ন সমস্যা ৰোধ কৰে।
# কৃমি হ’লে পাতৰ ৰস খাব লাগে।চজিনাৰ পাত বিভিন্ন ধৰণেৰে খোৱা হয়। আঞ্জা, দাইলত দি, মাছৰ লগত, বৰ বনাই আদি খোৱাৰ উপৰিও
পাতৰ কাঢ়া বনাই, ৰস উলিয়াই পানীৰ লগত মিলাই, ৰস তৈয়াৰ কৰি, পাত শুকুৱাই গুড়ি কৰি, চাহ তৈয়াৰ কৰি ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়।