নিউজ ডেস্কঃ
পুত্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আনিছিল প্রতিবেশীয়ে। তাৰ প্ৰতিশোধ হিচাবে প্রতিবেশীক ফচাবলৈ নিজৰেই আঠ বছৰীয়া নাতিনীক হত্যা কৰাৰ অভিযোগ উঠিল ককাক-আইতাকৰ বিৰুদ্ধে। এই ঘটনাত দুয়োজনকেই গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ঘটনাটি ঘটিছে উত্তৰ প্রদেশৰ আলিগড়ত। আৰক্ষীয়ে জনোৱা মতে, ধৃত লেখৰাজ আৰু সম্পত দুয়োজনৰেই বয়স ৭০ বছৰৰ বেছি। কেইমাহমান পূৰ্বে তেওঁলোকৰ পুত্ৰৰ বিৰুদ্ধে প্রতিবেশীৰ এগৰাকী ছোৱালীক ধর্ষণৰ অভিযোগ উঠে। উক্ত গোচৰ এতিয়াও বিচৰাধীন। তাৰ মাজতেই যোৱা ২০ ছেপ্টেম্বৰত তাপ্পাল এলেকাৰ এখন গাঁৱৰ পৰা বৃদ্ধ দম্পতিৰ নাতিনীৰ মৃতদেহ উদ্ধাৰ হয়। উক্ত ঘটনাত প্রতিবেশীৰ বিৰুদ্ধে হত্যাৰ অভিযোগ দাখিল কৰে বৃদ্ধ-বৃদ্ধাই।
ঘটনাৰ তদন্ত কৰিবলৈ গৈ আৰক্ষীয়ে জানিব পাৰে যে কেইবা দিনো ধৰি স্কুললৈ যোৱা নাই কিশোৰীগৰাকী। অথচ আৰক্ষীৰ ওচৰত লেখৰাজ আৰু সম্পতে জনায় যে ঘটনাৰ দিনা তেওঁলোকৰ নাতিনী স্কুললৈ গৈছিল। তাতে সন্দেহ হয় আৰক্ষীৰ। য’ৰ পৰা শিশুকন্যাটিৰ মৃতদেহ উদ্ধাৰ হয় তাৰ বাসিন্দাসকলেও দুয়োকে উক্ত স্থানত দেখা বুলি জনায়। তদন্ত কৰিবলৈ গৈ প্রতিবেশীৰ পৰা ধর্ষণৰ গোচৰৰ কথাও আৰক্ষীয়ে জানিব পাৰে। তাতে সন্দেহ আৰু বাঢ়ে।
অৱশেষত আৰক্ষীৰ জেৰাত নিজৰ অপৰাধ স্বীকাৰ কৰে লেখৰাজ-সম্পতে। তেওঁলোকে জনায়, পুত্ৰৰ বিৰুদ্ধে হোৱা গোচৰৰ খৰচ দিব পৰা নাছিল। সেয়ে প্রতিবেশীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ পৰিকল্পনা কৰে। নাতিনীক মাৰি হত্যাৰ দোষত প্রতিবেশীক ফচাই তাৰ পিছত আদালতৰ বাহিৰত দুয়োটা গোচৰৰ মীমাংসা কৰাৰ পৰিকল্পনাও আছিল তেওঁলোকৰ। কিন্তু শেষ ৰক্ষা নহ’ল।