নিউজ ডেস্কঃ
মুখ্যমন্ত্রীৰ পদৰ সৈতে অনুষ্ঠান সঙ্গতিপূর্ণ নহয় বাবে মমতাৰ ৰোম ভ্ৰমণত ‘না’ কৰিলে বিদেশ মন্ত্ৰালয়ে। উল্লেখ্য, অহা ৬ আৰু ৭ অক্টোবৰত বিশ্ব শান্তি বৈঠকৰ আমন্ত্রণ লাভ কৰিছিল বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে। সামাজিক ক্ষেত্রত মমতা বেনাৰ্জীৰ অৱদানৰ বাবে তেওঁক অভিনন্দন জনাইছিল ৰোম Community of Sant’ Egidio-ৰ সভাপতি প্রফেছৰ মার্কো ইম্প্যাগলিয়াজোই। ইটালিৰ এক বেচৰকাৰী সংগঠন এই অনুষ্ঠানৰ উদ্যোক্তা। জার্মানীৰ চেন্সেলৰ এঞ্জেলা মের্কেল, পোপ আৰু ইটালিৰ শীর্ষ ৰাজনৈতিক নেতৃত্বক আমন্ত্রণ জনাইছে এই সংগঠনটোৱে।
ভবানীপুৰৰ উপ-নির্বাচনৰ পিছতেই মমতা ৰোমৰ উদ্দেশ্যে ৰাওনা হোৱাৰ কথা আছিল। কিন্তু বিদেশ মন্ত্ৰালয়ৰ যুটীয়া সচিবে জনোৱা মতে, যি কাৰ্যসূচীৰ বাবে বংগৰ মুখ্যমন্ত্রীক আমন্ত্রণ জযনোৱা হৈছে, এখন ৰাজ্যৰ মুখ্যমন্ত্রীৰ অংশগ্রহণৰ বাবে উক্ত অনুষ্ঠান সামঞ্জস্যপূর্ণ নহয়। ইফালে কেন্দ্রৰ পৰা অনুমতি নোপোৱাত ৰাজনৈতিক কাৰণৰ গোন্ধ পাইছে তৃণমূলে। ইয়াৰ পূৰ্বে ছিকাগো ভ্ৰমণলৈ যোৱাতো মুখ্যমন্ত্রীগৰাকীক অনুমতি দিয়া নাছিল। কেন্দ্রৰ এই সিদ্ধান্তত ক্ষুব্ধ বংগ বিধানসভা। তেওঁলোকৰ দাবী, মমতাই তাত গৈ ৰাজনৈতিকভাবে দেশৰ বর্তমান শাসক দলক বিভিন্ন কাৰণত আক্রমণ কৰিলে কেন্দ্রৰ পক্ষে বিড়ম্বনাৰ সৃষ্টি হ’ব। আৰু সেই কাৰণেই শেষ মুহূর্তত মমতাৰ ৰোম ভ্ৰমণত অনুমতি নিদিলে কেন্দ্রই।