![]()
স্বাস্থ্য প্ৰতিবেদন:
১) অৰ্জুনৰ ছালৰ গুড়ি হৃদৰোগৰ বাবে মহৌষধি।
২) নিম্ন ৰক্তচাপত বুকুৰ ধপধপনি বেছি হ’লে অৰ্জুনৰ
ছালৰ গুড়ি আয়ুৰ্বেদ চিকিৎসকৰ পৰামৰ্শ মতে খালে উপকাৰ পোৱা যায়।
৩) অৰ্জুনৰ ছালৰ পৰা উলিওৱা ৰস হাড় ভঙাৰ বাবে উপকাৰী।
৪) অৰ্জুন গছে তেজ পৰিষ্কাৰ কৰাত সহায় কৰে,
অৰ্জুন গছে আমাক যথেষ্ট পৰিমাণে অক্সিজেন যোগান ধৰিব পাৰে।
৫) মুখত শালমইনা ওলালে অৰ্জুনৰ চুৰ্ণ মৌৰে মুখত লগালে উপকাৰ পোৱা যায় লগতে ছালৰ দাগ কমে।
৬) ৰক্তপিত্তত অৰ্জুনৰ ছাল পানীত তিয়াই থৈ নিয়মিত খালে উপকাৰ পোৱা যায়।
৭) পুৰণি কাহত বাহকৰ পাতৰ ৰসৰ লগত মৌ মিহলাই খালে ৰোগ নিৰাময় হয়।
৮) অৰ্জুন গছৰ ছাল ৰ’দত শুকাই থৈ চাহ কৰি খালে কফ, হাৰ্টৰ অসুখত উপকাৰ পোৱা যায়।
৯) ডায়েবেটিছ থকা লোকে অৰ্জুনৰ ছালৰ চাহ কৰি খালে ৰোগ নিয়ন্ত্ৰণত থাকে।
১০) অৰ্জুন গছৰ ছালৰ বা পাতৰ ৰস খালে ৰক্তদোষ দূৰ হয়।
১১) বুকুৰ বিষ, কফ, বুকু ধৰফৰ কৰা ৰোগত অৰ্জুনৰ ছালৰ গুড়ি গাখীৰৰ লগত খালে ৰোগ নিৰাময় হয়।
১২) পায়খানাৰ লগত তেজ পৰিলে অৰ্জুনৰ ছালৰ গুড়ি খালে উপকাৰ পোৱা যায়।
১৩) সৰ্বগুণী অৰ্জুন গছৰ ছালৰ গুড়ি নিয়মিতভাৱে খালে ত্ৰিদোষ নাশ হয়।













