![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শ্বহীদক অপমান কৰা বিধায়ক শ্বেৰমান আলিক গ্ৰেপ্তাৰ। দিছপুৰ আৰক্ষী থানাই বিধায়ক আৱাসৰ পৰা গ্ৰেপ্তাৰ কৰে বাঘবৰ কংগ্ৰেছী বিধায়কগৰাকীক।
উল্লেখ্য যে অসম আন্দোলনৰ শ্বহীদক ঘাটক আখ্যা দিছিল শ্বেৰমানে।
ইফালে বিধায়কগৰাকীৰ বিতৰ্কিত মন্তব্যৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি গ্ৰেপ্তাৰৰ দাবী উঠিছিল। বিভিন্ন থানাত জাতীয় দল-সংগঠনে দাখিল কৰিছিল এজাহৰ।
আনহাতে, কংগ্ৰেছ দলেও বিধায়ক আলিক তিনিদিনৰ ভিতৰত কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছিল। লগতে বিজেপিৰ এজেণ্ট আখ্যা দিছিল কংগ্ৰেছৰ নেতৃত্বই।













