![]()
স্বাস্থ্য প্ৰতিবেদন:
মানৱ দেহত ৰোগৰ বীজাণুৰ অৱসান ঘটাবলৈ তুলসী গছৰ ভূমিকা যে অনস্বীকার্য সেয়া সকলোৱে জানে। কিন্তু কেৱল জ্বৰ বা কাহৰ উপশমেই নহয়, একাধিক দুৰাৰোগ্য ব্যাধিৰ অৱসান ঘটাবলৈও যথেষ্ট গুৰুত্ব আছে তুলসী গছৰ প্রতিটো পাতৰ।
চাহৰ সৈতে তুলসী পাত যোগ কৰি খালে যেনেদৰে ডেঙ্গু বা মেলেৰিয়াৰ প্রতিৰোধক হিচাবে কাম কৰে ঠিক তেনেদৰে জ্বৰত ডালচেনিৰ সৈতে এই পাতৰ ৰস খালে সেয়া যথেষ্ট ফলপ্রসূ হয়।
তুলসী পাতৰ ৰস যদি প্রতিদিনে এক গিলাচকৈ খোৱা সম্ভব হয় তেনেহ’লে কিডনিত পাথৰ হোৱাৰ সম্ভাবনা বহুখিনি কমি যায়। আনকি এই ৰস যদি একেৰাহে ৬ মাহ খোৱা সম্ভব হয় তেনেহ’লে কিডনিত হোৱা পাথৰ অনায়াসেই মূত্রৰ সৈতে ওলাই যায়।
ইয়াৰ উপৰি শৰীৰত ব্রণৰ সমস্যা দেখা দিলেও সমাধানৰ বাবে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে এই তুলসীৰ পাতে। তাৰ লগতে ইয়াৰ পাতৰ পেষ্ট তৈয়াৰ কৰি সেয়া শৰীৰত প্রয়োগ কৰিলে একাধিক সমস্যাৰ পৰা মুক্তি পোৱা যায়।













