নিউজ ডেস্কঃ
একেৰাহে ১৬ ঘণ্টা এটি ৰুদ্ধদ্বাৰ কক্ষত সোধাপোছা কৰা হয় শ্বাহৰুখ-তনয় আৰিয়ান খানক। প্রশ্নৰ পিছত প্রশ্ন কৰে অচিন মুখে।অৱশেষত নিজকে ধৰি ৰাখিব নোৱাৰি কান্দোনত ভাঙি পৰে আৰিয়ান।
আৰিয়ানে ড্ৰাগছ লোৱাৰ কথা আৰম্ভণিতে স্বীকাৰ কৰিছিল। প্রথমে অনুশোচনা প্রকাশ কৰি জনাইছিল, জীৱনত এই প্রথম ড্ৰাগছ সেৱন কৰিছিল তেওঁ। কিন্তু আৰিয়ানৰ উক্ত স্বীকাৰোক্তিত সন্তুষ্ট নহয় এনচিবি। আৰু গভীৰলৈ গৈছে তদন্ত। প্ৰকাশ পাইছে তথ্যও। জানিব পৰা মতে, চাৰি বছৰ ধৰি ড্ৰাগছ সেৱন কৰি আহিছে তেওঁ। ডুবাই, লণ্ডন আৰু অন্যান্য দেশলৈ গৈও নিচা কৰিছিল তেওঁ।
নাৰকোটিক ড্রাগছ এণ্ড ছাইকোট্রপিক ছাবষ্টেন্সেছ (এনডিপিএছ) আইনৰ অধীনত গ্রেপ্তাৰ হৈছিল আৰিয়ানসহ মুনমুন ধমেচা আৰু আৰবাজ শেঠ মার্চান্ট। ইতিমধ্যেই পুত্ৰৰ বাবে অধিবক্তা সতীশ মানশিণ্ডেক নিয়োগ কৰিছে শ্বাহৰুখ খানে।
জানিব পৰা মতে, ‘পাঠান’ ছবিৰ কামৰ বাবে স্পেইনলৈ গৈছিল শ্বাহৰুখ। বিদেশলৈ যোৱাৰ কথা আছিল গৌৰী খানৰো। কিন্তু সম্প্ৰতি উক্ত পৰিকল্পনা স্থগিত ৰাখিছে তেওঁলোকে।