নিউজ ডেস্কঃ
ড্ৰাগছ-কাণ্ডত ধৃত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন মঞ্জুৰ নহ’ল। থাকিব লাগিব এনচিবিৰ জিম্মাতেই। এনচিবিৰ অধিবক্তাই দাবী কৰে, আৰিয়ানৰ ফোনৰ পৰা প্রামাণ্য নথি পোৱা গৈছে। যি কাৰণত তদন্তৰ স্বার্থত তেওঁলোকৰ জিম্মাত আৰিয়ানক ৰখা প্রয়োজন।
উল্লেখ্য, শনিবাৰে নিশা আটক হৈছিল আৰিয়ান। এনচিবিৰ কাৰ্যালয়ত ড্ৰাগছ সন্দৰ্ভত ১৬ ঘণ্টা ধৰি জেৰা কৰাৰ পিছত দেওবাৰে বিয়লি আৰিয়ান, মুনমুন ধমেচা আৰু আৰবাজ শেঠ মার্চান্টক গ্রেপ্তাৰ কৰা হয়। আদালতে জনাইছে, অহা ৭ অক্টোবৰ পর্যন্ত তেওঁক নিজৰ জিম্মাত ৰাখিব নাৰকোটিক্স কন্ট্রোল ব্যুৰোই।