![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
পুনৰ সক্ৰিয় হ’ল ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম ৷প্ৰায় ৬ ঘণ্টা ধৰি বিকল হৈ থকাৰ পিছত পুনৰ সক্ৰিয় অৱস্থালৈ ঘূৰি আহিল ছ’চিয়েল মিডিয়া সেৱা ফেচবুক, হোৱাটছএপ আৰু ইনষ্টাগ্ৰাম।
সোমবাৰে নিশা প্ৰায় ৯-২০ বজাৰ পৰা সমগ্ৰ বিশ্বজুৰি বিকল হৈ পৰিছিল ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম আৰু মেচেঞ্জাৰ।
মঙ্গলবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত পুনৰ সক্ৰিয় হৈ পৰিছে এই তিনিওটা জনপ্ৰিয় মাধ্যম।
ডাউন ডিটেক্টৰে উল্লেখ কৰা অনুসৰি ফেচবুকৰ জন্মৰ পৰা বৰ্তমানলৈকে এইয়াই আছিল সৰ্ববৃহৎ বিফলতা। বিশ্বজুৰি প্ৰায় ১০.৬ নিযুত সমস্যাৰ সৃষ্টি হৈছিল। এনে সমস্যা পূৰ্বেও সৃষ্টি হৈছিল যদিও সেয়া আছিল খুব কম সময়ৰ বাবে। ২০১৯ চনত কিছু সময়ৰ বাবে বিকল হৈ পৰিছিল ফেচবুক।
ফেচবুক কৰ্তৃপক্ষই টুইটাৰৰ জৰিয়তে এই কথা প্ৰথমে ৰাজহুৱা কৰে আৰু ইয়াৰ পিছতেই মাৰ্ক জুগাৰবাৰ্কে ফেচবুকৰ জৰিয়তেও উল্লেখ কৰিছে।দীৰ্ঘসময় ধৰি এই মাধ্যমসূহ বিকল হৈ থকাৰ বাবে ক্ষমা বিচাৰিছে।











