![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্পত ৰখা দুজন বাংলাদেশী নাগৰিকক মঙলবাৰে বাংলাদেশক গতাই দিয়া হয়। বিএছএফ আৰু অসম আৰক্ষীৰ সীমান্ত শাখাই কৰিমগঞ্জ জিলাৰ সূতাৰকান্দি সীমান্ত পৰীক্ষাচকীত তেওঁলোকক বিডিআৰক হস্তান্তৰ কৰে। বাংলাদেশী নাগৰিক দুগৰাকী হৈছে জাহানাৰা বেগম (৩৯) আৰু হাবিব মোল্লা (৩৮)। জাহানাৰা জেচোৰ জিলাৰ ফতেহপুৰ গাঁৱৰ বাসিন্দা আৰু হাবিব বাংলাদেশৰ পতুৱাখালি জিলাৰ বাদুৰথলী গাঁৱৰ বাসিন্দা। শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষক সতীন্দ্ৰ বৈশ্যই সংবাদ মাধ্যমক জনোৱা মতে, সীমান্ত আৰক্ষীয়ে মঙলবাৰে পুৱা দুয়োজন বাংলাদেশী নাগৰিকক কাৰাগাৰৰ পৰা গ্ৰহণ কৰে।
উল্লেখ্য, জাহানাৰাক ২০১৩ চনত কৰিমগঞ্জ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু কৰিমগঞ্জ কাৰাগাৰত ৰখা হৈছিল। তেওঁক আদালতৰ দ্বাৰা বিদেশী হিচাপে চিনাক্ত কৰা হৈছিল আৰু ২ জানুৱাৰী ২০১৪ত শিলচৰ কাৰাগাৰৰ ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হৈছিল। একেদৰে হাবিবক ২০১৪ চনৰ ১০ ছেপ্টেম্বৰত শৰণাৰ্থী শিবিৰলৈ প্ৰেৰণ কৰা হৈছিল।
ইয়াৰ মাজতে ভাৰত আৰু বাংলাদেশৰ মাজত আলোচনা আৰম্ভ হয় আৰু বাংলাদেশ চৰকাৰে দুয়োকে নিজ দেশলৈ ঘূৰাই নিবৰ বাবে সন্মত হয়।
শিলচৰ কাৰাগাৰৰ সূত্ৰ অনুসৰি, এতিয়ালৈকে ৬৪ জন বিদেশী শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনচন কেম্পত আছে। তেওঁলোকৰ ভিতৰত ৫১ জন ম্যানমাৰৰ নাগৰিক। ইয়াৰে ২৬টা শিশু। তেওঁলোকৰ উপৰি ১০ জন বাংলাদেশী, ২ জন নাইজেৰিয়ান আৰু এজন কেনিয়ান নাগৰিক উক্ত শিবিৰত আছে।













