নিউজ ডেস্কঃ
শ্বাহৰুখ খানক অন্তিমবাৰ ডাঙৰ পর্দাত দেখা গৈছিল ২০১৭ চনত ‘জিৰো’ ছবিত। তাৰ পিছত ২০২২ চনৰ ১৫ আগষ্টত পুনৰ অনুৰাগীসকলৰ এক নতুন চৰিত্ৰ লৈ অহাৰ কথা আছিল। কিন্তু সকলো পৰিকল্পনা যেন ওলট-পালট হৈ গ’ল পুত্র আৰিয়ান খানৰ গ্রেপ্তাৰৰ পিছত। যোৱা দেওবাৰে বিয়লি নাৰকোটিক্স কন্ট্রোল ব্যুৰোই (এনচিবি) ড্ৰাগছ-কাণ্ডত তাৰকা-সন্তানগৰাকীক নিজৰ জিম্মালৈ নিয়ে। অহা বৃহস্পতিবাৰ, ৭ অক্টোবৰ পর্যন্ত এনচিবিৰ জিম্মাতেই থাকিব আৰিয়ান। তাৰ পিছত কি হ’ব কোনোৱে নাজানে। ফলত শ্বাহৰুখ খানৰ দুখন ছবিৰ কাম অনির্দিষ্টকালৰ বাবে স্থগিত ৰখা হ’ল।
বলিউডৰ এক সূত্র মতে, ‘‘অহা ৭ তাৰিখে আৰিয়ানৰ গোচৰৰ পৰৱর্তী শুনানি। ছবি দুখনৰ কলা-কুশলীসকলক সম্প্ৰতি কাম বন্ধ ৰখাৰ নির্দেশ দিয়া হৈছে।’’ ‘পাঠান’ (২০২২ৰ স্বাধীনতা দিৱসত মুক্তি পোৱাৰ কথা আছিল) ছবিখনৰ বাবে মুঠ তিনি সপ্তাহৰ কাম আছিল। উক্ত ছবিখনৰ কাম অনির্দিষ্টকালৰ বাবে পিছুৱাই দিয়া হৈছে। অহা ১০ অক্টোবৰত ছবিখনৰ এটি গানৰ দৃশ্যৰ বাবে স্পেইনলৈ যোৱাৰ কথা আছিল দীপিকা পাড়ুকন আৰু শ্বাহৰুখ খান। কিছু একচনৰ দৃশ্যও শ্বুটিং কৰিব বুলি জনাইছিল পৰিচালক সিদ্ধার্থ আনন্দে। তাৰ উপৰি ৰাছিয়াতো কাম আছিল তেওঁলোকৰ। কিন্তু সেই সকলোবোৰ বৰ্তমান স্থগিত ৰখা হ’ল।‘
উল্লেখ্য, দাক্ষিআত্যৰ পৰিচালক আতলিৰ পৰৱর্তী ছবিতো অভিনয় কৰিছে শ্বাহৰুখে। উক্ত ছবিখনৰো এটি অংশৰ কাম শেষ হৈছে যোৱা মাহত। তাৰ বাবেই কেইবা দিন ধৰি পুণেত আছিল কিং খান। ইয়াৰ পিছৰ বাকী অংশ অক্টোবৰৰ পৰা মুম্আইত শ্বুট কৰাৰ কথা আছিল। সূত্র মতে, আতলিৰ ছবিৰ কামো পিছুৱাই গৈছে। কেতিয়া আৰম্ভ হ’ব, সেই বিষয়ে একো জনোৱা হোৱা নাই। পুত্ৰৰ সমস্যা সমাধান হ’লেহে শ্বাহৰুখ কামলৈ উভতিব বুলি জানিব পৰা গৈছে৷