![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : যোৱা ৪ ছেপ্টেম্বৰত কেন্দ্ৰ, ৰাজ্য আৰু পাহাৰীয়া জিলা কাৰবি আংলঙৰ ছয়টাকৈ উগ্ৰপন্থী সংগঠৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিৰ বিশেষ দফালৈ জিলাখনত একাংশ দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷ ইফালে শাসকীয় দল আৰু চুক্তি স্বাক্ষৰকাৰীসকলে উক্ত চুক্তিৰ জৰিয়তে জিলাখনত অভূতপূৰ্ব উন্নয়ন, প্ৰগতি আৰু শান্তিৰ পৰিৱেশ গঢ়ি উঠিব বুলি সভা-সমিতিয়ে কৰি অহা দাবীক জিলাখনৰ একাংশ দল-সংগঠনে নস্যাৎ কৰা পৰিলক্ষিত হৈছে ৷ চুক্তি স্বাক্ষৰ কৰাৰ পিছৰ পৰাই জিলাখনৰ বিভিন্ন প্ৰান্তত চুক্তিৰ কেতবোৰ দফাৰ বিৰোধিতা কৰি প্ৰতিবাদকাৰীসকলে প্ৰতিবাদ কৰি আহিছে ৷
বুধবাৰে পুৱাৰ ভাগত ডিফুৰ ছেমছনছিং সোঁৱৰণী উদ্যানৰ সন্মুখত জিলাখনৰ বহু কেইটা ৰাজনৈতিক, অৰাজনৈতিক দল-সংগঠনৰ নেতা-কৰ্মী সমবেত হৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদকাৰীসকলে চুক্তিখনৰ দফা ২.৩ লৈ বিভিন্ন শ্লোগান আওৰাই ডিফুৰ আকাশ-বতাহ উত্তাল কৰি তোলা পৰিলক্ষিত হয় ৷ চুক্তিখনৰ উক্ত দফা বাতিল কৰিবলৈ প্ৰতিবাদকাৰীসকলে কাৰবি আংলং জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মালৈ একোখনকৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে ৷ স্মাৰক-পত্ৰথনত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙ, এপিএইছএলচিৰ সভাপতি জন ইংতি কাথাৰ, জাকাছৰ অধ্যক্ষ খৰছিং টেৰণ, কাৰবি নিমচ’ চিংথুৰ আচঙৰ সভানেত্ৰী মেৰিনা বে’পী, হিলছ ট্ৰাইবেল লীগৰ সভাপতি ছাইছিং ৰংপি, কাৰবি ছাত্ৰ সন্থা, চিচিইউৰ উপসভাপতি ৰবিন্দ্ৰ ৰংপি, ২৪+ সংগঠনৰ আহ্বায়ক ৰতন টেৰাঙ, লিটচন ৰংফাৰ, প্ৰাক্তন ইউপিডিএছৰ ছাৰছিং টেৰণে স্বাক্ষৰ প্ৰদান কৰে ৷ সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এপিএইছএলচিৰ সভাপতি জন ইংতি কাথাৰে কয় যে পাৰ্বত্য জিলাখনত বসবাস কৰা ক্ষুদ্ৰ জনজাতিৰ বাবে সংবিধানত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভূক্ত কৰা হৈছে ৷ পৰিষদীয় নিৰ্বাচনত ১০খন আসনৰ বাবে মুকলি প্ৰতিদ্বন্ধিতা কৰা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা কৰে নেতাগৰাকীয়ে ৷ অনতি পলমে পৰিষদৰ সকলো আসন জনজাতি লোকসকলৰ বাবে সংৰক্ষণ নকৰিলে আগলৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে ৷
আনহাতে, এপিএইছএলচিৰ মুখপাত্ৰ আংতং ইংতিয়ে শান্তি চুক্তিৰ ২.৩নং দফা কোনো কাৰণতে মানি লোৱা নহ’ব বুলি কয় ৷ উক্ত দফা মুখ্যমন্ত্ৰা হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চুক্তিখনত অন্তৰ্ভুক্ত কৰা হয় ৷ সেয়ে মুখ্যমন্ত্ৰী গ’বেক বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে ৷ এক যুটীয়া প্ৰেছ বিবৃতি যোগে প্ৰতিবাদকাৰী দল-সংগঠনসমুহে চুক্তি স্বাক্ষৰকাৰী সংগঠনসমুহক আদৰণি জনোৱাৰ লগতে তেওঁলোক শান্তি চুক্তিৰ বিৰোধী নহয় বৰঞ্চ চুক্তিখনৰ ২.৩ নং অনুচ্ছেদৰহে বৰোধিতা কৰা বুলি স্পষ্ট কৰি দিয়ে ৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক সকলো পক্ষৰ সৈতে আলোচনাৰ জৰিয়তে এক গ্ৰহণযোগ্য সমাধান যূত্ৰ উলিয়াবলৈ বিবৃতিটোত উল্লেখ কৰা হয় ৷
আনহাতে আজিৰ প্ৰতিবাদী সভাত জিলা কংগ্ৰেছৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷












