ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কহিমা জিলা ট্ৰাক মালিক আৰু চালক সন্থাৰ উদ্যোগত আজি কহিমাত অসম, নাগালেণ্ড আৰু মণিপুৰৰ ট্ৰাক মালিক আৰু চালক সন্থাৰ এখনি সভা অনুষ্ঠিত হৈ যায় ৷ সঙাত মালিক আৰু চালক সন্থাৰ বিভিন্ন সমস্যা সন্দৰ্ভত আলোচনা অনুষ্ঠিত কৰা হয় ৷ সভাত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱো গ্ৰহণ কৰা হয়৷ সভাত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ ক্ৰমে- সন্থাই সুৰক্ষাৰ বাবে সকলোকে নিজ নিজ জিলাৰ পৰিচয়-পত্ৰ প্ৰদান কৰিব ৷ দ্বিতীয় প্ৰস্তাৱমতে তিনিখন ৰাজ্যৰ মাজত এখন সমন্বয় ৰক্ষাকাৰী সমিতিও গঠন কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰা হয় ৷ সমস্যাসমূহ সমাধানৰ বাবে এখন বুজাবুজি চুক্তিও স্বাক্ষৰ কৰা হয় ৷ এই যুটীয়া সমিতিখনে তিনিও ৰাজ্য চৰকাৰক ট্ৰাক চালক আৰু মালিক সন্থাৰ বাবে একোখনকৈ স্মাৰক-পত্ৰ যোগে সামাজিক সুৰক্ষা আইন শীঘ্ৰে প্ৰৱৰ্তন কৰিবলৈ দাবী জনাব ৷
তিনিও ৰাজ্যৰ বাবে গঠন হোৱা সমন্বয়ৰক্ষী সমিতিখন নৰ্থ ইষ্ট ফেডাৰেছন অৱ ট্ৰেড ইউনিয়ন নামেৰে নামাকৰণ কৰা হয়৷ সমতিখনৰ ক্ৰমে, সভাপতি ৰুবেজ ছখা, কাৰ্যকৰী সভাপতি কে, ডাইক’, উপ-সভাপতি কুহই জিমমি আৰু সাধাৰণ সম্পাদক কৃষ্ণ ভট্ৰৰায়ক লৈ এখনি ১৫ জনীয়া সমিতি গঠন কৰা হয় ৷ ইয়াৰোপৰি ইয়াৰ বাবে এখনি তিনিজনীয়া খছৰা সমিতিও গঠন কৰা হয়৷