![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
থাওৰা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ মনোনয়ন দাখিল। বিধায়ক অখিল গগৈসহ ৰাইজৰ দলৰ সমৰ্থকৰ উপস্থিতিত শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰে মনোনয়ন পত্ৰ।
মনোনয়ন পত্ৰ দাখিল কৰি ধৈর্য কোঁৱৰে কয়- থাওৰাবাসী প্ৰতি সেৱা জনাইছোঁ। পিছ পৰি থকা থাওৰা সমষ্টি নাম মৰ্যাদা ৰাজ্যৰ ভিতৰত জিলিকাই তোলাৰ চেষ্টা কৰিম। উন্নত সমষ্টিৰ শাৰীলৈ যাব লাগিব থাওৰা’।
‘বিশ্বাসঘাটকতাৰ বিৰুদ্ধে ৰাইজ ঐক্যবদ্ধ হৈছে। প্ৰতাৰণাৰ বিৰুদ্ধে ন্যায় যুজঁ হ’ব। বিধায়কক বেচা-কিনা অশুভ ৰাজনীতি আঁতৰাব লাগিব’- কোঁৱৰে কয়।
আনহাতে, ধৈর্যৰ মনোনয়ন দাখিলত উপস্থিত থাকি অখিলে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক ‘ভূপেন দা’ বুলি সম্বোধনে আহ্বান জনায় কয়- থাওৰা সমষ্টিৰ প্ৰাৰ্থী উঠাই লোৱাৰ এতিয়াও সময় আছে। থাওৰাত উঠাই ল’লে বাকী সমষ্টিত ৰাইজৰ দলে কংগ্ৰেছৰ প্ৰাৰ্থীক সহায় কৰিব। ভূপেন দা নিজৰ ভাই হিচাপে প্ৰাৰ্থী উঠাই লওঁক’।
উল্লেখ্য যে শুকুৰবাৰে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন। ৩০ অক্টোবৰ দিনা অনুষ্ঠিত হ’ব ভোটদান।













