নিউজ ডেস্কঃ
কথা নাৰাখিলে শ্বাহৰুখ খানে। শেষমুহূর্তত বাতিল কৰিলে বিজ্ঞাপনৰ শ্বুটিং। তেওঁৰ বাবে প্রস্তুত আছিল ছেট। সহ-অভিনেতা অজয় দেৱগণো উপস্থিত হৈছিল পুৱাই পুৱাই। কিন্তু কেইঘণ্টামান পিছত কিং খানে জনালে, তেওঁ কামলৈ যাব নোৱাৰিব। বুধবাৰেও একেই কাণ্ড ঘটাইছিল বলিউডৰ বাদশ্বাহে।
বলিউড সূত্র মতে, শ্বাহৰুখৰ বাবে ২৫-৩০ জন দেহৰক্ষী প্রস্তুত আছিল ছেটত। বুধবাৰে পুৱাৰে পৰা তেওঁৰ ভেনিটি ভেনো উপস্থিত আছিল তাত। বিয়লি ৩টা বজাত শ্বুটিং বাতিল কৰে শ্বাহৰুখ খানে। সূত্র মতে, ‘‘শ্বাহৰুখৰ সৈতে অজয় দেৱগণৰ অভিনয় কৰাৰ কথা আছিল। তেওঁ পুৱাতেই উপস্থিত হৈছিল। কিন্তু শেষ পর্যন্ত শ্বাহৰুখক বাদ দি তেওঁৰ ভাগৰখিনি শ্বুটিং কৰা হয়।’’