![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ২০ দিনীয়া কাৰ্যসূচীলৈ আৰম্ভ কৰা সেৱা আৰু সমৰ্পন কাৰ্যসূচীৰ অংশ স্বৰূপে আজি পাহাৰীয়া জিলাৰ সদৰ চহৰ ডিফুত দিব্যাংগ লোকসকলৰ মাজত দিব্যাংগসকলৰ প্ৰয়োজনীয় সামগ্ৰীৰ আনুষ্ঠানিক বিতৰণ কৰা হয় ৷ আজি ডিফুস্থিত জিলা বিজেপিৰ মুখ্য কাৰ্যালয় চৌহদত কাৰবি আংলং বিজেপিৰ সভাপতি ধনছিং টেৰণৰ পৌৰুহিত্যত আয়োজন কৰা এক আনুষ্ঠানিক বিতৰণ কাৰ্যসূচীত ২২ গৰাকী দিব্যাংগৰ মাজত হুইল চেয়াৰ, হিয়াৰিঙ এইড আৰু আৰ্মছ ছাপৰ্টাৰৰ দৰে সামগ্ৰী বিতৰণ কৰা হয় ৷
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সামগ্ৰী বিতৰণী অনুষ্ঠানত উপস্থিত থকা পূব কাৰবি জিলা বিজেপিৰ প্ৰভাৰী বিজয় গুপ্তাই কয় যে, দিব্যাংগসকললৈ আজি বিতৰণ কৰা এনে কাৰ্যসূচীৰ আজি কেৱল আৰম্ভনিহে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “সেৱাহী মূল মন্ত্ৰ”ৰ অংশ স্বৰূপে প্ৰতিখন জিলা আৰু কাৰবি আংলং জিলাৰ প্ৰতিটো মণ্ডলত দিব্যাংগসকললৈ এনে সামগ্ৰী বিতৰণ কৰা হ’ব ৷
ৰাইজৰ সেৱাৰ বাবে জিলা বিজেপিৰ প্ৰতিটো যুৱ মৰ্চা, মহিলা মৰ্চাক সক্ৰিয় কৰি তোলা হ’ব বুলি কয় ৷ আজিৰ আনুষ্ঠানিক বিতৰণী অনুষ্ঠান বিজেপিৰ নেছনেল কাউঞ্চিলৰ লংকি ফাংচ’, জিলা বিজেপিৰ ক্ৰমে, সভাপতি ধনছিং টেৰণ, সাধাৰণ সম্পাদক ছাৰচিং ফাংচ’, সম্পাদক মধুৰাম লেকথে, কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ মনোনিত সদস্য অজিত দে প্ৰমুখ্য কৰি বিজেপিৰ কেইবাগৰাকী নেতা-কৰ্মী উপস্থিত থাকে ৷












