নিউজ ডেস্কঃ
প্রতিদিনে বিশ্বত এনে কিছু ঘটনা ঘটে যাক বিশ্বাস কৰাটোৱে সম্ভব নহয়। সদ্যহতে তেনে এটি ঘটনাই ঘটিছে, যাক বিশ্বাস কৰিবলৈয়ে টান লাগে।
সম্প্রতি এগৰাকী ৭০ বছৰীয়া মহিলা গর্ভৱতী হোৱাৰ কথা শুনিবলৈ পোৱা গৈছে।
মেক্সিকোৰ চিনালোৱাত বাস কৰা মাৰিয়া ডি লালুছ নামৰ এগৰাকী মহিলাই তেওঁ ৬ মাহৰ গর্ভৱতী বুলি দাবী কৰিছে।
মাৰিয়াই কোৱা মতে, তেওঁ সঘনাই বমি কৰিছিল। ভৰিত বিষ আছিল। যিবোৰ অভিজ্ঞতা গর্ভাৱস্থাত হয়।
মাৰিয়াই তেওঁৰ গৰ্ভাৱস্থা প্রমাণ কৰাৰ বাবে বিভিন্ন স্থানত বিভিন্ন পৰীক্ষাও কৰে।
প্রতিবাৰেই পৰীক্ষাত প্রমাণিত হয় যে তেওঁ গর্ভৱতী। চিকিৎসকে জনোৱা মতে, শীঘ্ৰেই মাৰিয়া পুনৰ মাতৃ হ’বলৈ আগবাঢ়িছে। সাত সন্তানৰ জননী মাৰিয়াই এতিয়া তেওঁৰ অষ্টম সন্তানৰ জন্ম দিবলৈ আগবাঢ়িছে।
মাৰিয়াই যদি সফলভাবে তেওঁৰ সন্তান জন্ম দিয়ে, তেনেহ’লে তেওঁ বিশ্বৰ দ্বিতীয় মহিলা হ’ব যিয়ে বৃদ্ধ বয়সত সন্তান জন্ম দিব। ইয়াৰ আগতে পাঞ্জাবৰ দলজিন্দৰ কৌৰে ৭০ বছৰ বয়সত এটি সন্তান জন্ম দিছিল।
অৱশ্যে মাৰিয়াই এই বয়সত গর্ভৱতী হোৱাৰ বাবে কোনো বিশেষ কৌশল অৱলম্বন কৰিছে নেকি সেই বিষয়ে জনোৱা নাই। যি কি নহওক, এই বয়সত সন্তানৰ জন্ম দিবলৈ কেৱল চিজাৰিয়ান কৌশল ব্যৱহাৰ কৰা হ’ব। কাৰণ স্বাভাবিক প্রসবত মাৰিয়াৰ প্ৰাণ যাব পাৰে।