স্বাস্থ্য প্ৰতিবেদন:
মাছৰ পুষ্টি গুণ জানিলে অবাক হৈ যাব। মাছত থকা “ওমেগা থ্রি” মস্তিস্কৰ খাদ্য নামে পৰিচিত। আমেৰিকাত প্ৰকাশিত এক ৰিপোর্ট মতে, ৬০ বছৰৰ বেছি বয়সৰ মহিলাসকলে এই ওমেগা থ্রি খালে তেওঁলোকৰ পেশী শক্তি বৃদ্ধি পায়।
মাছত প্রচুৰ পৰিমাণে ভিটামিন, খনিজ লবনৰ উপৰি খনিজ তেল, আয়ৰন, কেলচিয়াম আৰু ফছফৰাছ পোৱা যায়।
মাছে হার্ট ভালে ৰখাত সহায় কৰে
আমেৰিকাৰ এক ৰিপোর্টত দেখা গৈছে যে যিসকলে সপ্তাহত এদিনকৈ নিয়মিত মাছ খায় তেওঁলোকৰ হার্ট এটাকৰ সম্ভাৱনা মাছ নোখোৱাসকলতকৈ ৫০ শতাংশ কম। সপ্তাহত দুবাৰ মাছ খালে হার্ট এটাকৰ কাৰণে মৃত্যুৰ সম্ভাৱনা ৩৬ শতাংশ কমি যায়।
উচ্চ ৰক্তচাপ কমায়
মাছৰ তেলত থকা ওমেগা থ্রি নামৰ অসম্পৃক্ত ফেটি এচিডে ৰক্তৰ ক্ষতিকাৰক কোলেষ্টেৰল LDL বা VLDL কমায় আৰু HDLৰ পৰিমাণ বঢ়াই দিয়ে। যাৰ ফলত হার্টৰ ৰক্তনলীত চর্বি জমা হ’ব নোৱাৰে। ফলত ৰক্ত প্রসাৰণৰ পথ পৰিষ্কাৰ হৈ থাকে। উচ্চ ৰক্তচাপ কমোৱাৰ লগতে হার্ট এটাকৰ সম্ভাৱনা কমে। লগতে ওমেগা থ্রিয়ে অণুচক্রিকাক গোট মাৰিব নিদিয়ে।
চুলি সৰা ৰোধ কৰে
চুলি গঠনৰ মূল উপাদান হ’ল প্রোটিন। মাছত প্রচুৰ পৰিমাণে আমিশ জাতীয় প্রোটিন থকাত সেয়া সুবিধা হয়। মাছ আমিশ জাতীয় প্রোটিনৰ এক বিৰাট উৎস। মাংসত এই ধৰণৰ প্ৰটিন প্রচুৰ পৰিমাণে আছে যদিও মাংসত আছে কিছু ক্ষতিকাৰক দিশ, যিটো মাছত নাই।
ছাল ভালে ৰাখে
মাছত থকা ওমেগা থ্রিয়ে ছালৰ ভিতৰত থকা কোষ গঠন কৰে আৰু ছালক ছান বার্নৰ পৰা বচায়। মাছৰ ফেট ছালৰ বাবে অতি ভাল, কাৰণ এই ফেটে ছালৰ সৌন্দর্য বঢ়ায়। অৱশ্যে বেছি ভজা মাছ খালে ছালৰ এই গুণ নষ্ট হৈ যায়।
চকু ভালে ৰাখে
মাছত থকা ওমেগা থ্রি আৰু ফেটি এচিড চকুৰ ড্রাই আই চিনড্রোম ৰোগত যথেষ্ট উপকাৰী। প্রতিদিনে মাছ খোৱাটো অতি ভাল। প্রতিদিনে নহ’লেও সপ্তাহত অন্তত দুদিন খালে ভাল হয়।
মাছে শিশুৰ মগজু উন্নত কৰে
মাছৰ তেলত থকা ডকছা হিক্সনিক এচিড আৰু এলকোষা পেলটাএনইক এচিডে মগজুৰ বিকাশ ঘটায়।