![]()
নিউজ ডেস্কঃ
অলিম্পিকত স্বৰ্ণজয়ী জেভলিনৰ মূল্য ১৫ মিলিয়ন! শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য। যিডাল জেভলিন দলিয়াই টকিঅ’ অলিম্পিকত নীৰজে স্বৰ্ণ জয় কৰিছিল, ই-নিলামত উক্ত জেভলিন বিক্রী হ’ল ১৫ মিলিয়ন, ভাৰতীয় মুদ্রাত ১ কোটি ৫০ লাখ টকাত।
উল্লেখ্য, প্রধানমন্ত্রী নৰেন্দ্র মোদীক দিয়া উপহাৰ আৰু স্মাৰকৰ ভার্চুৱেল নিলাম আছিল বৃহস্পতিবাৰে। উক্ত দিনা ১,৩৪৮টা স্মাৰক নিলামত উঠে। নীৰজৰ এই জেভলিনৰ বাবে মুঠ ৮,৬০০ জনে দৰ কৰে।
ধনৰ দিশৰ পৰা সকলোতকৈ বেছি মূল্য উঠে ভাৰতৰ ‘গল্ডেন বয়’ৰ জেভলিনৰ। কিন্তু সংখ্যাৰ হিচাবত সকলোতকৈ বেছি বিড হয় চর্দাৰ পেটেলৰ মূর্তিৰ। এই ই-নিলামত ভাল মূল্য উঠে ভবানী দেৱীৰ ফেন্সৰ (১২.৫ মিলিয়ন) আৰু সুমিত এন্টিলৰ জেভলিনৰ (১০ মিলিয়ন)। ৯ মিলিয়নত নিলাম হয় লাভলিনাৰ বক্সিং গ্ল’ভছ।













