স্বাস্থ্য প্ৰতিবেদন:
লৰালৰিকৈ খাদ্য খোৱাৰ অভ্যাস নেকি? খাদ্য খাবলৈও সময়ৰ অভাৱত নাকে-কাণে গুজি লৰ মাৰে নেকি? তেতিয়াহ’লে মনত ৰাখিব, ইয়াৰ পৰা ক্ষতি হ’ব পাৰে আপোনাৰ শৰীৰৰ। কাৰণ খাদ্য সঠিকভাৱে চোবাই নাখালে বহু ধৰণৰ বীজাণুৰ সংক্রমণ ঘটিব পাৰে।
এবাৰ খাদ্য মুখত লৈ কিমানবাৰ চোবাব লাগে? ইয়াৰ হিচাব চিকিৎসকসকলে দিছে। চিকিৎসকৰ মতে, অন্তত ৩০ বাৰ খাদ্যবস্তু চোবাব লাগে। নহ’লে খাদ্য সঠিকভাৱে হজম নহ’ব। যিসকলে ততাতৈয়াকৈ খাদ্য নোচোবোৱাকৈয়ে গিলে, তেওঁলোকৰ এচিডিটিৰ সমস্যা বাঢ়িব পাৰে।
কেৱল এইজাতীয় সমস্যাই নহয়, খাদ্য সঠিকভাৱে নোচোবোৱাকৈ খালে তাৰ সম্পূর্ণ পুষ্টিগুণো শৰীৰে গ্রহণ কৰিব নোৱাৰিব পাৰে। বিশেষকৈ খাদ্যৰ অধিকাংশ ভিটামিনৰেই অপচয় হয়। তাৰ উপৰি খাদ্য যিমানবাৰ বেছিকৈ চোবাব, সিমানেই ই ভাঙিব আৰু লেলাৱতীৰ লগত মিহলি হ’ব। তাৰ ফলত ইয়াত থকা ক্ষতিকাৰক বীজাণুবোৰো মৰিব। কিন্তু দ্রুততাৰে খাদ্য খোৱাৰ ফলত উক্ত বীজাণুবোৰ পেটলৈ গুচি যায়। ফলত বিভিন্ন ৰোগৰ আশঙ্কা বাঢ়ে।