![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
‘ভাৰতৰ অন্য ৰাজ্যৰ তুলনাত অসমত পেট্ৰ’ল-ডিজেলৰ মূল্য কম। অসম চৰকাৰে ৫ টকাকৈ পেট্ৰ’ল-ডিজেলত আৰোপ কৰা কৰ কিছুদিন পূৰ্বে উঠাই লৈছে। উঠাই লোৱা কৰ আৰোপ কৰাৰ নাই’ -মন্তৱ্য মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে দেশৰ লগতে অসমতো শতকৰ ঘৰ অতিক্ৰম কৰা প্ৰসংগত ডঃ শৰ্মাই কয়- ‘নিশ্চিতভাৱে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি এটা উৎকণ্ঠা বিষয়। প্ৰধানমন্ত্ৰী-ভাৰত চৰকাৰে এইক্ষেত্ৰত সিদ্ধান্ত ল’ব।’
‘আন্তৰ্জাতিক বজাৰ মূল্য লগত সামঞ্জস্য ৰাখি চৰকাৰে ৰাইজক সকাহ দিব বুলি মই আশাবাদী’- শৰ্মাই লগতে কয়।
উল্লেখ দেশৰ বিভিন্ন ৰাজ্য লগতে অসমতো পেট্ৰল মূল্যই অতিক্ৰম কৰিলে শতকৰ ঘৰ।আনহাতে ডিজেলৰ মূল্যয়ো ৰাজ্যত ৯২টকা ঘৰ অতিক্ৰম কৰিছে।
আনহাতে পেট্ৰল-ডিজেল মূল্যবৃদ্ধি বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে ৰাজ্য জাতীয় দল সংগঠন, বিৰোধী ৰাজনৈতিক দল তথা সৰ্বসাধাৰণ ৰাইজে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক তীক্ষ্ণ সমালোচনা কৰা দেখা গৈছে।













