স্বাস্থ্য প্ৰতিবেদন:
পানীলাউৰ উপকাৰিতাক উপেক্ষা কৰিব পৰা নাযায়। কাৰণ পানীলাউত প্রচুৰ পানী থকাৰ লগতে ফাইবাৰ, ভিটামিন আৰু গুৰুত্বপূর্ণ খনিজ উপাদান থাকে। ইয়াৰ অসাধাৰণ কিছু উপকাৰিতাৰ বিষয়ে কিছু জানো আহক।
১. কেলৰি কম :
কম কেলৰিৰ খাদ্য হিচাবে পানীলাউ আদর্শ খাদ্য। পানীলাউত ৯৬% পানী থাকে। উচ্চমাত্রাৰ ডায়েটাৰী ফাইবাৰ থাকে। ১০০ গ্রাম লাউত ১৫ কেলৰি আৰু ০.১ গ্রাম ফেট থাকে। ইয়াত ভিটামিন চি আৰু সামান্য বি ভিটামিন, আয়ৰন, ছডিয়াম আৰু পটাচিয়াম থাকে।
২. পৰিপাকত সহায় কৰে :
লাউত ভাল পৰিমাণত দ্রবণীয় আৰু অদ্রবণীয় ফাইবাৰ আৰু পানী থাকে। সেয়ে লাউ পৰিপাক আৰু পৰিপাক সম্পর্কিত সমস্যা যেনে- কোষ্ঠকাঠিন্য, পেট পোৰা আৰু এচিডিটিৰ সমস্যা সমাধানত সহায় কৰে। যিসকলৰ পাইলছৰ সমস্যা আছে তেওঁলোকৰ বাবে লাউ খোৱাটো উপকাৰী।
৩. শিতলিকাৰক:
পানীলাউত ভাল পৰিমাণত পানী থাকে বাবে শৰীৰ ঠাণ্ডা আৰু শান্ত কৰাৰ ক্ষমতা আছে। সেয়ে গৰমৰ সময়ত পানীলাউ খোৱাটো উপকাৰী বিশেষকৈ যিসকলে প্রখৰ সূর্যৰ তাপত কাম কৰে তেওঁলোকৰ হিটস্ট্রোক প্রতিৰোধত সহায় কৰে।
৪. ইউৰিনাৰী সমস্যা সমাধানত :
পানীলাউ মূত্র বর্ধক হিচাবে কাম কৰে। শৰীৰৰ অতিৰিক্ত পানী বাহিৰ কৰি দিয়াত সহায় কৰে পানীলাউৱে। ১ গিলাচ লাউৰ ৰসৰ সৈতে ১ চাহ চামুচ নেমুৰ ৰস মিহলাই খাওক। ক্ষাৰীয় এই মিশ্রণটিয়ে এচিডিক মিশ্রণক তৰল হোৱাত সহায় কৰে আৰু মূত্রনলীৰ জ্বলা-পোৰা কমোৱাত সহায় কৰে।
৫. ওজন কমোৱাত সহায় কৰে :
লাউত ফেট আৰু কেলৰিৰ পৰিমাণ খুব কম থাকে বাবে লাউৱে ওজন কমোৱাত সহায় কৰে। ৰক্তৰ কোলেষ্টেৰল কমোৱাতো সহায় কৰে।
৬. অকালত চুলি পকা ৰোধ কৰে :
আয়ুর্বেদত কোৱা হৈছে যে, পুৱা নিয়মিত সতেজ পানীলাউৰ ৰস খালে অকালতে চুলি পকা প্রতিৰোধ আৰু চিকিৎসাত সহায় কৰে।
৭. ছালৰ বাবে উপকাৰী :
ছালক ভিতৰৰ পৰা পৰিষ্কাৰ কৰাত সহায় কৰে লাউৱে। ই মুখৰ ছালৰ তেলৰ নিঃসৰণৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে আৰু ব্রণৰ সমস্যা দূৰ কৰাতো সহায় কৰে। বিভিন্ন প্রকাৰৰ ছালৰ সংক্রমণৰ পৰা ৰক্ষা কৰাতো সহায় কৰে লাউৱে।
৮. ভাল টোপনি অহাত সহায় কৰে :
তিলৰ তেলৰ সৈতে লাউৰ ৰসৰ মিশ্রণ ইনছমনিয়াৰ সমস্যা সমাধানত সহায় কৰে। লাউৰ পাত ৰান্ধি খালে মস্তিষ্কক ঠাণ্ডা ৰাখে আৰু টোপনিৰ সমস্যা সমাধানত সহায় কৰে।ইয়াৰ উপৰি জণ্ডিচ আৰু কিডনিৰ সমস্যাৰ সমাধানতো উপকাৰী ভূমিকা পালন কৰে পানীলাউৱে