অজন্তা তালুকদাৰ
বোকাখাত : সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি, বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক তথা একেটা সংগঠনৰ সভাপতিৰ দায়িত্ব পালন কৰা বোকাখাতৰ আপোচবিহীন সংগ্ৰামী যুৱ নেতা হিচাপে প্ৰতিষ্ঠিত দাদুল বৰাৰ যোৱা ১১ অক্টোবৰৰ নিশা গুৱাহাটী মেডিকেল কলেজ হাস্পটালত মৃত্যু ঘটে। আছুৰ নেতা দাদুল বৰাৰ অকাল বিয়োগত শোকস্তব্ধ হৈ পৰিছে বোকাখাত। ছাত্ৰ নেতাগৰাকী দীৰ্ঘদিন অসুস্থ হৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত চিকিৎসাধীন হৈ থকা অৱস্থাত যোৱা নিশা ১০-১৫ বজাত মৃত্যুক সাৱটি লয়। ১৯৯২ চনত বোকাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য মনোনীত হোৱাৰে পৰা আমৃত্যু বুকুত ছাত্ৰ সন্থাকে কঢ়িয়াই ফুৰা দাদুল বৰাই সাংগাঠনিক দক্ষতাৰে ক্ৰমে বোকাখাত আঞ্চলিক ছাত্ৰ সন্থা, বোকাখাত মহকুমা ছাত্ৰ সন্থাৰ সম্পাদক আৰু সভাপতিৰ দায়িত্ব সঠিকভাবে পালন কৰিছিল।
স্মৰ্তব্য যে বোকাখাতৰ সামাজিক, সাংস্কৃতিক সামগ্ৰিক ক্ষেত্ৰত আজীৱন সংপৃক্ত হৈ থাকি বোকাখাতৰ বিভিন্ন সমস্যাত সততে মাত মাতি বলিষ্ঠভাৱে নেতৃত্ব দি আৰ্তজনৰ ওচৰত ঠিয় হোৱা দেখা গৈছিল প্ৰয়াত বৰাক। আছুক সবলভাৱে নেতৃত্ব দিয়াৰ দক্ষতাৰ উমান পাই শীৰ্ষ নেতৃত্বই তেওঁক ২০১৩ চনত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপে স্থলাভিষিক্ত কৰে। প্ৰায় তিনিটা দশক বোকাখাত মহকুমাৰ লগতে শেহতীয়াকৈ গোলাঘাট জিলাখনতে আছুক সবল নেতৃত্ব দিছিল ছাত্ৰ নেতাজনে। একাদিক্ৰমে ২০১৭ চনলৈকে তেওঁ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি কেইবাটাও ছাত্ৰ সংগঠনৰ তুলনাত আছুক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰে। পৰৱৰ্তীকালত জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰূপে অব্যাহতি লয় যদিও মৃত্যু পৰ্যন্ত আছুৰ গুণ গৰিমাকেলৈ শেষ নিশ্বাস ত্যাগ কৰে। বিগত দুটা বছৰত বহু জাতীয় সংগঠনৰ নেতাই বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছিল যদিও, নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখি কোনো ৰাজনৈতিক আশা আকাংক্ষাৰ প্ৰতি প্ৰৰোচিত নহ’ল দাদুল বৰা। এই গৰাকী ছাত্ৰ নেতাৰ মৃত্যুত ম্ৰিয়মান বোকাখাত।
আজি পুৱা বৰাৰ মৃতদেহ বোকাখাত ছাত্ৰ সন্থাৰ কাৰ্যালয় লৈ অনাৰ লগে লগে অজস্ৰ গুণমুগ্ধৰ সমাৱেশ হয়। “আছু”ৰ কেন্দ্ৰীয় সমিতিৰ সাংগাঠনিক সম্পাদক অভিৱৰ্তনত গোস্বামীৰ লগতে আছুৰ বিভিন্ন জিলা, মহকুমা, আঞ্চলিক সমিতিৰ সদস্যই আছুৰ পতাকা অৰ্পন কৰি প্ৰিয় নেতাগৰাকীক শেষ বিদায় জনায়। সদৌ অসম ছাত্ৰ সন্থা, গোলাঘাট জিলা ছাত্ৰ সন্থা, বোকাখাত মহকুমা আৰু কেইবাখনো আঞ্চলিক ছাত্ৰ সন্থা,অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সংস্থা, বোকাখাত প্ৰেছ ক্লাৱ, ইমজা, বোকাখাত গোৰ্খা ছাত্ৰ সন্থা, মিচিং ছাত্ৰ সন্থা, বোকাখাত নাট্য মন্দিৰত, বাৰোৱাৰী পূজা সমিতি, বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ আৰু পৰিৱেশ সুৰক্ষা সমিতি,পুৱতি সাহিত্য সভা, বোকাখাত মহকুমা কবি সন্মিলন, পুৱতি সাহিত্য সভা, সন্ধানী লেখিকা সমাৰোহ সমিতি, বোকাখাত ব্যৱসায়ী সন্থা, গ্ৰাছ, বোকাখাত ব্যৱসায়ী সন্থা, টাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থাকে ধৰি বিভিন্ন ব্যক্তি অনুষ্ঠানে শেষ শ্ৰদ্ধা জনোৱাৰ লগতে গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰয়াত বৰাই মৃত্যুৰ সময়ত মাক, ককায়েক, নবৌয়েক, বায়েক ভায়েকৰ লগতে আত্মীয় সকলক এৰি থৈ গৈছে।