স্বাস্থ্য প্ৰতিবেদন:
পুদিনাত থকা ফাইবাৰে কোলেষ্টেৰলৰ মাত্রা কমায় আৰু মেগনেচিয়ামে হাড়ক শক্তি দিয়ে। সুস্বাদু হোৱাৰ লগতে ই বহু কাৰণত উপকাৰী।
পুদিনা পাতৰ সতেজ ৰস নেমু আৰু মৌৰ সৈতে সমপৰিমাণত খালে পেটৰ সকলো ৰোগত আৰাম পোৱা যায়। জালুক আৰু চাহৰ দৰে ক’লা নিমখৰ সৈতে পুদিনাৰ ৰস উতলাই খালে চৰ্দি, কাহ আৰু জ্বৰত আৰাম দিয়ে।
পুদিনা পাত চোবালে বা ইয়াৰ ৰস খালে হিকচি বন্ধ হয়। মূৰৰ বিষত কপালত পাতৰ পেষ্ট লগালে আৰাম পোৱা যায়।
ঋতুস্রাব সময়মতে নহ’লে শুকান পুদিনা পাতৰ গুড়ি মৌৰ সৈতে সমপৰিমাণত মিহলাই দিনত দুই-তিনিবাৰ নিয়মিত খাওক। ইয়াৰ উপৰি পেট সংক্রান্ত কোনো ধৰণৰ সমস্যা থাকিলে এক কাপ পানীত এক চামুচ পুদিনাৰ ৰস মিহলাই খাওক।
এক গিলাচ পানীত এক চামুচ শুকান পুদিনা পাত আৰু কিছু সৰু ইলাচিৰ গুড়ি সিদ্ধ কৰি খালে, বমি বমি ভাব হ’লে তাত উপকাৰ পোৱা যায়। পুদিনা পাতৰ শুকান গুড়ি পেষ্ট হিচাবে ব্যৱহাৰ কৰিলে মুখৰ দুর্গন্ধ দূৰ হয় আৰু গুড়ি মজবুত হয়।
পুদিনাৰ ৰস নিমখ পানীত মিহলাই গার্গল কৰিলে ডিঙিৰ খিছখিছনি দূৰ হয় আৰু কণ্ঠস্বৰ পৰিষ্কাৰ হয়। ইয়াৰ ৰস মুখত লগালে ব্রণ দূৰ হয়।