![]()
মনোজ কুমাৰ পাঠক:
লংকা : লংকাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত বিশিষ্ট ব্যক্তি, সমাজসেৱক, লংকা শিখ সমাজৰ আগৰণুৱা ব্যক্তি, ক্ৰীড়া সংগঠক, অসম গণ পৰিষদ দলৰ নেতা, এজন নিষ্ঠাৱান কৰ্মী, সুদক্ষ খেলুৱৈ হৰি সিঙৰ আজি পুৱা মৃত্যু হয়।
লংকা চহৰৰ লংকাপট্ৰি ৪নং ৱাৰ্ডৰ নিৱাসী হৰি সিঙে ৮৬ বছৰ বয়সত ইহ-সংসাৰৰ পৰা মেলানি মাগে। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুবৰণ কৰা প্ৰয়াত সিংৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে-লগেই অসংখ্য গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। অসম গণ পৰিষদ দলে দলৰ পতাকাৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনায়।
ইপিনে, বিশিষ্ট ব্যক্তিজনৰ মৃ্ত্যুত সমগ্ৰ লংকাত গভীৰ শোকৰ ছাঁ পৰে।অসম বিধান সভাৰ উপাধ্যক্ষ ডা° নোমল মমিনেও শোক প্ৰকাশ কৰে৷ অসমীয়া শিখ সন্থাৰ সভাপতি ৰাজবীৰ সিঙেও শ্ৰদ্ধান্জলী জনায় ৷












