নিউজ ডেস্কঃ
প্রাসাদোপম ‘মান্নাত’ৰ জে’লৰ চাৰিবেৰৰ মাজত আবদ্ধ জীৱন৷ জীৱনৰ নাটকীয় পৰিৱৰ্তন শ্বাহৰুখ-পুত্র আৰিয়ান খানৰ। ড্ৰাগছ পার্টিৰ পৰা গ্রেপ্তাৰৰ পিছৰ পৰা কাৰাগাৰেই এতিয়া তেওঁৰ ঠিকনা। আন পাঁচজন অভিযুক্তৰ দৰেই দিন কটাইছে তেওঁ। নাই কোনো বিশেষ আয়োজন। কিন্তু জে’লৰ জীৱন-যাপনত অভ্যস্ত হ’ব পৰা নাই ২৩ বছৰীয়া আৰিয়ান। জানিব পৰা মতে, জে’লৰ খাদ্য খাব পৰা নাই আৰিয়ানে। তাৰ নিয়ম-কানুন মানি চলাতো অসুবিধা হৈছে তেওঁৰ। যাৰ বাবে শ্বাহৰুখ-পুত্রৰ স্বাস্থ্য আৰু পৰিচ্ছন্নতা সন্দৰ্ভত চিন্তিত জে’ল কর্তৃপক্ষ।
ইতিমধ্যে আৰিয়ানক জে’লৰ অন্য বেৰেকলৈ নিয়া হৈছে। বাকী অভিযুক্তসকলৰ সৈতে তেওঁক ৰখা হোৱা নাই। পিন্ধিবলগা হোৱা নাই কয়দীৰ পোছাক। আৰিয়ানে কাৰো সৈতে কথাও কোৱা নাই। ড্ৰাগছ-কাণ্ডত গ্রেপ্তাৰ হোৱা তেওঁৰ সঙ্গীসকলকো সাক্ষাৎ কৰিব বিচৰা নাই তেওঁ। বর্তমান তেওঁৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। কাৰাগাৰৰ কর্মচাৰীসকলে বিশেষ নজৰ ৰাখিছে তেওঁৰ ওপৰত।