নিউজ ডেস্কঃ
বুধবাৰেও আৰিয়ান খানৰ জামিন আবেদন নামঞ্জুৰ কৰিলে মুম্বাইৰ এক বিশেষ আদালতে। ফলত আৰু কেইদিনমান বন্দীদশা ভুগিব লাগিব শ্বাহৰুখ-পুত্ৰই। জামিন নোপোৱাৰ বাবে সম্প্ৰতি তেওঁ থাকিব লাগিব কাৰাগাৰতেই। তেওঁৰ লগতে আৰু দুই অভিযুক্ত আৰবাজ মার্চেন্ট আৰু মুনমুন ধমেচাৰ জামিন আবেদনো খাৰিজ হয়।
বুধবাৰে আৰিয়ানৰ জামিনৰ শুনানিৰ পূৰ্বে এনচিবিৰ বিষয়াসকলে আদালতত নতুন তথ্য জমা দিয়ে। তাৰ পৰা জনা গৈছে যে এগৰাকী নৱপ্ৰজন্মৰ বলিউড অভিনেত্রীৰ সৈতে শ্বাহৰুখ খানৰ পুত্ৰই ড্ৰাগছৰ বিষয়ে আলোচনা কৰিছিল প্রমোদতৰীৰ উক্ত পার্টিত যোগ দিয়াৰ আগতে।
উল্লেখ্য, যোৱা ১৪ অক্টোবৰতো আৰিয়ানৰ জামিন আবেদন নামঞ্জুৰ হৈছিল। তাৰ পিছত আদালতে গোচৰৰ পৰৱর্তী শুনানি বুধবাৰ, ২০ অক্টোবৰ ঘোষণা কৰিছিল। কিন্তু আজিৰ শুনানিত কাৰাগাৰৰ বাহিৰলৈ ওলোৱাৰ পথ প্ৰশস্ত নহ’ল আৰিয়ানৰ।