![]()
নিউজ ডেস্কঃ
মুহূর্ততে শত্রুৰ টেঙ্ক ধ্বংস কৰিব পাৰে এই ক্ষেপণাস্ত্রই। অৰুণাচল প্রদেশত চীন সীমান্তৰ ওচৰৰ টাৱাং ছেক্টৰত উক্ত ক্ষেপণাস্ত্রৰ আখৰা কৰিলে ভাৰতীয় সেনাই। সংবাদ সংস্থা এএনআয়ে প্রকাশ কৰিছে উক্ত আখৰাৰ ভিডিও।
ভিডিওটোত দেখা গৈছে, অস্ত্রেৰে সজ্জিত, যুদ্ধলৈ প্রস্তুত জোৱানসকলে পাহাৰৰ ওপৰত নিৰ্মিত বাঙ্কাৰত অৱস্থান গ্ৰহণ কৰিছে। শত্রুৰ অৱস্থান সম্পৰ্কে সষ্টম হৈ থকা দলটোৱে নির্দেশ দিয়াৰ লগে লগে দ্রুতগতিত ক্ষেপণাস্ত্র সজাই লৈ প্রস্তুত কৰিছে জোৱানসকলে।
অস্ত্র প্রয়োগৰ পিছত পুনৰ অঞ্চলটোৰ পৰা আহিছে তেওঁলোক৷ পুনৰ দ্রুততাৰে কেইছেকেণ্ডমানৰ ভিতৰতে উক্ত টেঙ্ক ধ্বংসকাৰী ক্ষেপণাস্ত্রলৈ তেওঁলোক অন্য এটি স্থানলৈ আঁতৰি গৈছে৷ যাতে শত্রুপক্ষৰ প্ৰত্যাক্ৰমণ হ’লে ক্ষতি নহয়। এই সম্পূৰ্ণ আখৰাই ধৰা পৰিছে ভিডিওটোত। সেনাৰ তৰফৰ পৰা জনোৱা মতে, ক্ষেপণাস্ত্র নিক্ষেপৰ পিছত পৰ্যবেক্ষণৰ দায়িত্বত থকা জোৱানসকলে খবৰ পঠায় নিশ্চিত স্থানত ক্ষেপণাস্ত্রৰ আক্ৰমণ চলোৱা হৈছেনে নাই। সেই সন্দৰ্ভত দায়িত্বত থকা সেনাৰ পৰা খবৰ পালেই তেওঁলোকে অৱস্থান পৰিবর্তন কৰে।












