নিউজ ডেস্কঃ
ড্ৰাগছ গোচৰত মূল অভিযুক্ত শ্বাহৰুখ খানৰ পুত্র আৰিয়ানৰ সৈতে বহুবাৰ ৱাটছএপত কথা হৈছিল বলিউড অভিনেত্রী অনন্যা পাণ্ডেৰ। সেইবোৰ কথোপকথনত বাৰম্বাৰ উঠিছিল ড্ৰাগছ প্রসঙ্গও। আনকি এনচিবিৰ হাতলৈ অহা এক কথোপকথনত আৰিয়ানক গাঞ্জাৰ যোগান ধৰাৰ আশ্বাসো দিয়া দেখা যায় অনন্যাক। অৱশ্যে এনচিবিয়ে জনাইছে, অনন্যাৰ বিৰুদ্ধে গাঞ্জা সংগ্রহ বা সৰবৰাহৰ কোনো প্রমাণ এতিয়াও তেওঁলোকে পোৱা নাই। অনন্যাৰো ওলোটা দাবী, কেৱল ৰসিকতা কৰিবলৈয়েই এইবোৰ কথা কৈছিল তেওঁ।
উল্লেখ্য, শুক্রবাৰে ড্ৰাগছ গোচৰত দ্বিতীয়বাৰৰ বাবে জেৰাৰ সন্মুখীন হ’বলৈ তেওঁ দুপৰীয়া ২ বজাত এনচিবিৰ কাৰ্যালয়ত উপস্থিত হয়। এনচিবি কাৰ্যালয়ত চোৰাংচোৱাৰ সৈতে অনন্যাৰ সৈতে হোৱা কথাবার্তা প্রকাশ কৰিছে এটি সর্বভাৰতীয় সংবাদ মাধ্যমে৷